নগাঁও-কাছাৰ কাগজকলৰ নিলাম বন্ধ কৰি পুনৰুজ্জীৱিত কৰাৰ দাবীৰে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ বিধায়ক অখিল গগৈৰ পত্ৰ

Akhil Gogoi

নগাঁও আৰু কাছাৰ কাগজকলৰ নিলাম শীঘ্ৰে বন্ধ কৰি উদ্যোগ দুটা পুনৰুজ্জীৱিত কৰাৰ দাবী জনাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় উদ্যোগমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিধায়ক অখিল গগৈয়ে। কাৰাবন্দী হৈ জিএমচিএইচত চিকিৎসাধীন হৈ থকা শিৱসাগৰৰ বিধায়ক জনে প্ৰধানমন্ত্ৰীক কয়- “কাগজকল দুটা ক্ৰমে ২০১৫ আৰু ২০১৭চনৰ পৰা  বন্ধ হৈ পৰাৰ বাবে কৰ্মচাৰী সকলে দা-দৰমহা অন্যান্য সা-সুবিধাৰপৰা বঞ্চিত হৈ আছে।উদ্যোগ দুটা বন্ধ হৈ থকাৰ ফলত ৬হাজাৰ কৰ্মচাৰী কৰ্মহীন হৈছে। ক্ষতিগ্ৰস্ত হৈছে বাঁহ খেতিয়কসকল। অৰ্থনৈতিক সংকট সহিব নোৱাৰি ৮৭জন কৰ্মচাৰীয়ে ইতিমধ্যে মৃত্যুবৰণ কৰিছে"।

বিজেপিয়ে বিভিন্ন সময়ত উদ্যোগ দুটা খোলাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল। কেৱল সেয়াই নহয় অসমত বাঁহ উৎপাদন বৃদ্ধি আৰু উদ্যোগ দুটাত প্ৰস্তুত কৰা উন্নত মানৰ কাগজ সমগ্ৰ ভাৰতত বিতৰণৰ ৰঙীন প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল ৷ কিন্তু শেহতীয়া ভাৱে উদ্যোগ দুটা ই-নিলাম জাননী জাৰিৰে সকলো প্ৰতিশ্ৰুতি যে ভুৱা আছিল তাকে প্ৰতিপন্ন কৰিছে। তাৰ বাবে ই- নিলাম বন্ধ কৰি বিষয়তো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই গগৈয়ে।

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কাগজ কল দুটা অসম চৰকাৰৰ অধীনলৈ অনাৰ আহ্বান জনাই বিধায়কজনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈও পত্ৰ প্ৰেৰণ কৰিছে। ২০১৬ৰ বিজেপিৰ ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰো দাবী জনাই গগৈয়ে।

Your Comments