মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙ্গলবাৰে জনতা ভৱনত অনুষ্ঠিত হয় নৱগঠিত চৰকাৰৰ চতুৰ্থখন কেবিনেট বৈঠক। বৈঠকত লোৱা সিদ্ধান্ত সমূহ সংবাদমেলত ঘোষণা কৰে কেবিনেটৰ মুখপাত্ৰ মন্ত্ৰী কেশৱ মহন্ত, পিযুষ হাজৰিকা, শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।গুৰুত্বপূৰ্ণ বৈঠক খনত গ্ৰহণ কৰা প্ৰথমটো সিদ্ধান্ত হৈছে চলিত বৰ্ষৰ পৰা অসম দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী বঁটা প্ৰদান কৰিব। যেতিয়া অসম ৰত্ন এজন ব্যক্তিক প্ৰদান কৰা হ’ব তাত থাকিব ৫লাখ টকা। অসম বিভূষণ ৩ জনক প্ৰদান কৰা হ’ব আৰু তাত থাকিব ৩লাখকৈ টকা, অসম ভূষণ ৫জনক প্ৰদান কৰা হ’ব আৰু তাত থাকিব ২লাখ টকাকৈ আৰু অসমশ্ৰী আগবঢ়াব ১০ জনক য’ত থাকিব ১লাখকৈ টকা। ইয়াৰ উপৰিও এই বঁটা লাভ কৰা সকলে চিকিৎসা-ভ্ৰমণ আদিত লাভ কৰিব বিশেষ সুবিধা।
আনহাতে প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্ম দিৱস ৭ ডিচেম্বৰৰ দিনা চলিত বছৰৰপৰা সাহিত্যিক পেঞ্চন আৰু সাহিত্য ক্ষেত্ৰৰ বিভিন্ন বঁটা প্ৰদান কৰা হ’ব।অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনৰ লগত সংগতি ৰাখি ৩ ছেপ্টেম্বৰৰ দিনা ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বিভিন্ন বঁটাসমূহ আগবঢ়াব। সাংস্কৃতিক সম্বন্ধীয় ৰাজ্যিক বঁটাসমূহ ১৭জানুৱাৰী শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি আগবঢ়াব চৰকাৰে। উল্লেখ যোগ্য যে বঁটা সমূহ প্ৰদান কৰাৰ এসপ্তাহ আগতে বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা হ’ব বুলি কয় শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।
বটদ্ৰৱাত নিৰ্মিত প্ৰজেক্টত ৩৫ বিঘা ২ কঠা ২ লোচা মাটি নতুনকৈ সংযোজন কৰিবলৈ অনুমোদন জনাই কেবিনেটে।সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক প্ৰতি মাহত এদিনকৈ প্ৰজেক্টটো পৰ্যবেক্ষণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে বানপানীত ক্ষতিগ্ৰস্ত অঞ্চল তথা অনুষ্ঠান-প্ৰতিষ্ঠান মেৰামতি কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হয় জিলা উপায়ুক্তক। ১অক্টোবৰৰপৰা ৩১ অক্টোবৰৰ ভিতৰত জিলাখনৰ ক্ষতিগ্ৰস্তৰ তথ্য উপায়ুক্তক সংগ্ৰহ কৰাৰো সময় বান্ধি দিয়ে।
নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত কৰিবলৈ কেবিনেটে আহ্বান জনাইছে। ২৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব অধিৱেশন।
ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰপ্ৰতি, প্ৰধানমন্ত্ৰী, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ফটো লগোৱাটো বাধ্যতামূলক কৰিছে কেবিনেটে।
চিপাঝাৰৰ গৰুখুটি অঞ্চলৰ ৭৭ হাজাৰ বিঘা মাটি কেনেদৰে খেতি কাৰ্যত ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে পদ্ম হাজৰিকাৰ সভাপতিত্বত ৫জনীয়া কমিটি গঠন কৰা হয়। কমিটিয়ে বিষয় পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব লাগিব।
কয়লা অভাৰলোড নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু পৰিবহন মন্ত্ৰীৰ নিৰীক্ষণত প্ৰতিখন কয়লা ট্ৰাক জোখা হ’ব। শ্ৰীৰামপুৰ গেটত জোখা হ’ব প্ৰতিখন কয়লা কঢ়িওৱা ট্ৰাক। আনহাতে মেঘালয়ৰ ট্ৰাকসমূহ দীঘলিয়াত জোখা হ’ব। ৩১মাৰ্চলৈকে পৰীক্ষামূলক ভাৱে চলোৱা হ’ব এই ব্যৱস্থা। গুৰুত্বপূৰ্ণ কথা ছাগলীয়া গেটেৰ নোৱাৰিব কয়লা সৰবৰাহ কৰিব। উল্লেখ্য যে অভাৰলোড ট্ৰাকক নিয়ন্ত্রণৰ বাবে লোৱা হৈছে এই প্ৰচেষ্টা- এই কথা অৱগত কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।
- Log in to post comments
- 59 views