ক'ৰ'নাৰ জটিল পৰিস্থিতিত সম্প্ৰতি ৰাজ্যত বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ। বিদ্যালয় বন্ধ থকাৰ সময়তো ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানে নিজা প্ৰচেষ্টা তথা উদ্যোগত ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ কৰি আহিছে প্ৰশংসনীয় কাম-কাজ। তাৰে অংশ হিচাপে বোকাখাত মহকুমাৰ নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ে বৰ্তমানৰ পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যায়তনিক ক্ষেত্ৰৰ বাহিৰেও সৃষ্টিশীল কামতো ছাত্ৰ-ছাত্ৰীক ব্ৰতী কৰাইছে।
বন্ধৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনে সোমবাৰে ই-মাধ্যমেৰে প্ৰকাশ কৰে বাৰ্ষিক মুখপত্ৰ 'নুমলী'। গুগল মিটৰ মাধ্যমেৰে বিদ্যালয়খনে ২১সংখ্যক বাৰ্ষিক বিদ্যালয় মুখপত্ৰ 'নুমলী' উন্মোচন কৰে।চলিত বৰ্ষৰ মুখপত্ৰখন ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান,অসমৰ গোলাঘাট জিলা সমন্বয়ক ৰুনা শইকীয়াই উন্মোচন কৰে। উন্মোচনী ভাষণত শিক্ষা বিষয়া গৰাকীয়ে বিদ্যালয়খনে ই-মাধ্যমৰ দ্বাৰা বাৰ্ষিক মুখপত্ৰখন উলিওৱাৰ বাবে প্ৰশংসা কৰে। এনে সময়ত সৃষ্টিশীল কামত জড়িত কৰাই মুখপত্ৰখন উলিয়াই বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীক অনুপ্ৰেৰণা যোগোৱা বুলিও তেওঁ কয়। লগতে এনে কামৰ আদৰ্শ অন্য বিদ্যালয় সমূহেও লোৱা উচিত বুলি শিক্ষা বিষয়া গৰাকীয়ে মত পোষণ কৰে।
উল্লেখ্য যে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়। বিদ্যালয়খনৰ ছাত্ৰী নেহা দেৱী আৰু ছাত্ৰ ৰাজেশ কানুৱে সম্পাদক, সহঃ সম্পাদকৰ দায়িত্ব বহন কৰা 'নুমলী' শীঘ্ৰে ছপা আকাৰতো প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে।
- Log in to post comments
- 31 views