বিটিআৰ উপায়ুক্তক বিশেষ ক্ষমতা প্ৰদান, সবিশেষ পঢ়ি জানি লওক

Pramod Bodo

বিটিআৰ প্ৰশাসনত সংস্কাৰসাধন। বিটিআৰ অন্তৰ্গত ৪খনকৈ জিলাৰ উপায়ুক্ত পূৰ্বৰ দৰে ক্ষমতাহীন হৈ নাথাকে। পৰিষদৰ অন্তৰ্গত চিৰাং, কোকৰাঝাৰ, বাক্সা, ওদালগুৰি জিলাৰ উপায়ুক্তক বিশেষ ক্ষমতা প্ৰদান।জিলাৰ সামগ্ৰিক তদাৰকৰ দায়িত্ব অৰ্পণ উপায়ুক্তক।১৬টাকৈ চৰকাৰী বিভাগৰ তদাৰকৰ দায়িত্ব অৰ্পণ উপায়ুক্তক।

উন্নয়নমূলক কাম-কাজ সমূহ নিৰীক্ষণ কৰি বিটিআৰ-ৰ মুখ্য কাৰ্যালয়ক পোনপটীয়াকৈ অৱগত কৰিব উপায়ুক্তই- বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয়।

উল্লেখ্য, উপায়ুক্ত সকলৰ বছৰেকীয়া কৰ্মসূচী প্ৰস্তুতৰ লগতে পৰিকল্পনা অনুমোদনত প্ৰয়োজনীয় ব্যৱস্থা ল’ব উপায়ুক্তসকলে। গুৰুত্বপূৰ্ণ কথা যে পূৰ্বতে বিটিআৰ-ৰ উপায়ুক্ত সকলৰ নাছিল এইসমূহ কৰ্তৃত্ব।

Your Comments