কেন্দ্ৰীয় প্ৰতিবেদনত উন্মোচন ৰাজ্যৰ শিক্ষাখণ্ডৰ পঁয়ালগা স্বৰূপ:২৮ সংখ্যক স্থানত অসম

Education

কেন্দ্ৰীয় প্ৰতিবেদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ পঁয়ালগা স্বৰূপ উন্মোচন। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰীয়ালে প্ৰকাশ কৰা ২০১৯-২০ বৰ্ষৰ পাৰদৰ্শীতা বৰ্গৰ সূচাংক তালিকাত ওলাইছে অসমৰ শিক্ষাৰ দুৰৱস্থাৰ প্ৰকৃত ছবিখন। য’ত অসমৰ স্থান আছে নিম্নত। উল্লেখ্য যে দেশৰ ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে স্কুলীয়া শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা  তালিকাত চিকিম, মণিপুৰ, ত্ৰিপুৰাৰ পিছত আছে অসম।ক্ৰমিক নম্বৰ অনুসৰি দেশৰ ২৮খন ৰাজ্যৰ তলত অসম।অসমৰ সৈতে একে স্থানত আছে বিহাৰ, মধ্যপ্ৰদেশ আৰু মিজোৰাম।

আনহাতে অসমৰ পিছত আছে নাগালেণ্ড, চট্টিশগড়, অৰুণাচল প্ৰদেশ, মেঘালয়।

তাৎপৰ্যপূৰ্ণ কথা যে, তিনিদিন পূৰ্বে বহনক্ষম উন্নয়নৰ তালিকা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় নিটি আয়োগে। ৰাজ্যৰ তালিকাত শোচনীয় ভাৱে শেষৰ ফালৰ পৰা তিনি নম্বৰ স্থানত আছিল অসম।

Your Comments