স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেলৰ গুৰুত্বপূৰ্ণ ঘোষণাসমূহ পঢ়ি লওঁক

Pic

জনতাৰ সহযোগিতাৰ বাবে ৰাজ্যত হ্ৰাস পাইছে ক'ভিড আক্রান্তৰ সংখ্যা ।৭ জুনত প্ৰকাশ পাব ক'ভিড বিধিৰ নতুন নিৰ্দেশনা।শুকুৰবাৰে এখন সংবামেলত এই কথা অৱগত কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।জনতা ভৱনত সম্বোধন কৰা সংবাদমেলখনত মহন্তই কয়-"মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে এতিয়াৰে পৰা যিকোনো অন্য ৰোগত ভুগি থকা প্ৰতিজন ক'ভিড আক্রান্তক ক'ভিড কেয়াৰ চেণ্টাৰত ৰখা হ'ব।পূৰ্বতে ৫০বছৰ ঊৰ্ধৰ ক'ভিড আক্রান্তসকলক ক'ভিড কেয়াৰ চেণ্টাৰত বাধ্যতামূলকভাৱে ৰখা হৈছিল।

জিলা পৰ্যায়ত আক্ৰান্তৰ হাৰৰ ওপৰত ভিত্তি কৰি ৬খন জিলাত প্ৰতিদিনে ৭০ হাজাৰৰো অধিক ভেকচিন দিয়া হ'ব।কামৰূপ(ম), শোণিতপুৰ, নগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ জিলাত ভেকচিন অধিক হাৰত প্ৰদান কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী মহন্তই।ইফালে অন্য জিলাত দৈনিক ৭০ হাজাৰকৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা ল'ব স্বাস্থ্য বিভাগে।গুৰুত্বপূৰ্ণ যে এই ভেকচিন ল'বলৈ কেন্দ্ৰলৈ যাব নোৱাৰা বৃদ্ধা, বিশেষভাৱে সক্ষম লোকক ঘৰে ঘৰে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তাৎপৰ্যপূৰ্ণ যে ক'ভাক্সিন ভেকচিনৰ নাটনিৰ বাবে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে কেৱল ক'ভিশ্বিল্ড প্ৰদান কৰিব।যিসকলে ক'ভাক্সিনৰ প্ৰথম ড'জ লৈছিল,সেইসকলক দ্বিতীয় ড'জ ৪২দিনৰ ভিতৰত প্ৰদান কৰা হ'ব বুলি সংবাদমেলত উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

Your Comments