ক'ৰ'না আতংকৰ মাজতে ৰাজ্য চৰকাৰে ব্লেক ফাংগাছক ঘোষণা কৰিলে মহামাৰী হিচাপে। বৰ্ধিত ৰোগীৰ আধাৰত স্বাস্থ্য বিভাগে ঘোষণা কৰিছে এই কথা। স্বাস্থ্য বিভাগে এক জাননী যোগে এই কথা ঘোষণা কৰিছে।
উল্লেখ্য যে, ৰাজ্যত ব্লেক ফাংগাছত আক্রান্ত হৈ ইতিমধ্যে এজনৰ মৃত্যু হৈছে। ভৱিষ্যতৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে এই ৰোগক মহামাৰী ঘোষণা কৰা বুলি প্ৰকাশ কৰিছে।
গুৰুত্বপূৰ্ণ কথা যে, স্বাস্থ্য বিভাগে জাৰি কৰা জাননীখনত চৰকাৰী- বেচৰকাৰী সকলো চিকিৎসালয়ক কোনো সন্দেহজনক ৰোগী পালে স্বাস্থ্য বিভাগক অৱগত কৰিবলৈ কোৱা হৈছে।
- Log in to post comments
- 22 views