বিধায়ক অখিলৰ শপত গ্ৰহণ:"মোক হত্যা কৰিব পাৰিব,কিন্তু কোনেও কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে"

Akhil Gogoi

ঐতিহাসিক ক্ষণৰ সাক্ষী পঞ্চদশ অসম বিধানসভাৰ প্ৰথম দিনটো।কাৰাৰুদ্ধ 'ৰাইজৰ দল'ৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ শপত গ্ৰহণ। আদালতৰ নিৰ্দেশ অনুসৰি গগৈক জেল কৰ্তৃপক্ষই জিএমচিএইচৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীত বাছেৰে বিধানসভালে লৈ যায়।

কাৰাবন্দী বিধায়ক গগৈয়ে বিধানসভাত প্ৰৱেশৰ সময়ত গৃহ বিভাগে টনা-আজোৰা কৰি অপমান কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।"নিৰ্বাচিত বিধায়ক এজনক এইদৰে টনা-আজোৰা কৰি সমগ্ৰ অসমীয়া জাতিক অপমান কৰিছে।বিধানসভাত এজন বিধায়কক অত্যাচাৰ কৰিব পাৰে নেকি!এটা কথা খাটাং মোক হত্যা কৰিব পাৰিব কিন্তু কণ্ঠ কোনেও কেতিয়াও।ৰুদ্ধ কৰিব নোৱাৰে।শিৱসাগৰৰ উন্নয়ন কেতিয়াও বন্ধ হবলৈ দিয়া নহ'ব"- গগৈয়ে কয়।"

Pic

"এখন ভগা বাছত ঠেলি-হেঁচি জীৱ-জন্তুৰ দৰে লৈ আহিছে।অসমবাসী ৰাইজৰ প্ৰতি অপমান। বিধানসভাৰ অধ্যক্ষক সকলো অৱগত কৰা হ'ব" -বিধানসভাৰ প্ৰৱেশদ্বাৰত বিধায়কগৰাকীয়ে কয়।

"চৰকাৰে ভয় খাইছে।ৰাইজক দেখুৱাব খুজিছে মোক এইদৰে অপমান কৰিছোঁ বুলি।বিধানসভা নিৰ্দেশনাত উল্লেখ আছিল সম্পূৰ্ণ বিধায়ক প্ৰট'কলত আনিব লাগে।কিন্তু মোক ঠেলি-পেন্টত ধৰিছে।বিজেপিৰ ফেচিবাদ মষিমূৰ কৰিব লাগিব"- গগৈয়ে কয়। উল্লেখ যে বিগত ডেৰ বছৰৰো অধিক কাল কাৰাবন্দী হৈ আছে বিধায়ক গগৈ।

Your Comments