ডিগবৈৰ টিংৰাই বোমা বিস্ফোৰণত জড়িত থকাৰ অভিযোগত লক্ষীপথাৰৰ দ্বীপেন গগৈক আটক।তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে গগৈক।
আটকাধীন দ্বীপেনৰ লগত উদ্ধাৰ বহু বিস্ফোৰক সামগ্ৰী।বিস্ফোৰণৰ সময়ত ব্যৱহাৰ হোৱা ক’লা ৰঙৰ মটৰ চাইকেলখন জব্দ কৰে আৰক্ষীয়ে ।
উল্লেখ্য যে তিনিদিন পূৰ্বে টিংৰাই বজাৰত সংঘটিত বিস্ফোৰণত দুগৰাকী লোকৰ মৃত্যু হৈছিল।
ঘটনাত জড়িতক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক নিৰ্দেশ দিছিল।
বৰ্তমান আটকাধীন দ্বীপেনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই আছে।
- Log in to post comments
- 16 views