ক’ৰ’না পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰৰ জৰিয়তে পৰামৰ্শ আগবঢ়ালে কংগ্ৰেছ সভাপতি ৰিপুন বৰাই

Ripun Borah

অসমত ক’ৰ’না পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৯ টাকৈ পৰামৰ্শ আগবঢ়াই মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে।

উক্ত পত্ৰত বৰাই কন্টেইনমেণ্ট জ’নত থকা লোকসকলৰ বাবে বিনামূলীয়া খাদ্যৰ ব্যৱস্থা নহ’লে ২,০০০ টকাৰ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা সোনকালে কৰিবলৈ আহ্বান জনায়। ইয়াৰোপৰি তেওঁ অসংগঠিত আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈও লিখিছে পত্ৰখনত।

ৰিপুন বৰাই আহ্বান জনাইছে যাতে ভিতৰুৱা গাঁও, চাহ বাগিচা আদিত বাস কৰা দুখীয়া লোকসকলক ভেক্‌চিনৰ বাবে অন্‌লাইন বুকিঙৰ ঠাইত তেওঁলোকৰ বাবে বিকল্প ব্যৱস্থাৰ ব্যৱস্থা কৰে। লগতে সীমান্ত অঞ্চল, চৰ চাপৰি অঞ্চলকে ধৰি দুৰ্গম অঞ্চলত বাস কৰা লোকসকলৰ বাবেও ভেক্‌চিনৰ ব্যৱস্থা কৰিবলৈ পত্ৰখনৰ যোগেদি ক’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

গুৱাহাটী মহানগৰৰ লগতে জিলা সদৰ আৰু মহকুমা সদৰসমূহত থকা ব্যক্তিগত চিকিৎসালয় সমূহত বিনামূলীয়া ভেক্‌চিন প্ৰদানৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাই বৰাই। ক’ভিড আক্ৰান্ত ৰোগীক চিকিৎসালয়ত যাতে উপযুক্ত চিকিৎসা, প্ৰয়োজনীয় সেৱা-শুশ্ৰূষা, যতন আদি প্ৰদান কৰা হয় সেয়া সুনিশ্চিত কৰাৰ লগতে সকলো চৰকাৰী তথা বেচৰকাৰী চিকিৎসালয়ত ক’ভিড ৰোগীৰ চিকিৎসা বিনামূলীয়া কৰিবলৈও পৰামৰ্শ আগবঢ়াই ৰিপুন বৰাই।

বৰাই লগতে লিখে যে, ক’ভিড মহামাৰীৰ সুযোগত অসাধু চক্ৰই বজাৰত সামগ্ৰীৰ কৃত্ৰিম নাটনি দেখুৱাই মূল্যবৃদ্ধি কৰা পৰিলক্ষিত হৈছে আৰু চৰকাৰক এই ধৰণৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ আহ্বান জনায় তেওঁ।

Your Comments