গোলাঘাটত অচল ১০ টকীয়া মুদ্ৰা

গোলাঘাটত অচল ১০ টকীয়া মুদ্ৰা

বিগত এটা বছৰ ধৰি গোলাঘাটত অচল হৈ পৰিছে ১০ টকীয়া মুদ্ৰা ।

ভাৰতবৰ্ষ তথা অসমৰ সকলো ঠাইতে এই মুদ্ৰা চলি থকাৰ সময়তে কেৱল গোলাঘাটৰ ব্যৱসায়ী, বেংকে গ্ৰহণ নকৰে এই মুদ্ৰা ।

ফলত বহু ব্যৱসায়িক প্ৰতিষ্ঠান তথা গ্ৰাহকৰ ঘৰত মূল্যহীনভাৱে বাকচতে পৰি ৰৈছে এনে অব্যৱহৃত মুদ্ৰা ।

গোলাঘাটৰ দাঁতিকাষৰীয়া যোৰহাট জিলাত এই মুদ্ৰাৰ প্ৰচলন হৈ আছে যদিও কিহৰ ভিত্তিত গোলাঘাটত এই ১০ টকীয়া মুদ্ৰাৰ প্ৰচলন বন্ধ হ'ল ই এক ৰহস্য ।

গতিকে এই বিষয়ত গোলাঘাট জিলা প্ৰশাসনে সজাগতা সৃষ্টি কৰি উচিত পদক্ষেপ গ্ৰহণৰ দাবী তুলিছে গোলাঘাটৰ সচেতন মহলে ।

Your Comments