ক'ৰ'নাৰ দ্ৰুত বৃদ্ধি প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিব অন্য এক কঠোৰ সিদ্ধান্ত। গণসংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দুই-এদিনতে সমগ্ৰ ৰাজ্যত বন্ধ হ'ব আন্তঃজিলা যাতায়ত।এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
'ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ ৰাজ্যত লক্ডাউনৰ সম্ভাৱনা নাই যদিও পৰিস্থিতি বেয়া হ’লে নগৰ-চহৰ অঞ্চলত ঘোষণা হব লক্ডাউন।কিন্তু তাৰ পূৰ্বে স্বাস্থ্য বিভাগে আন্তঃজিলা যাতায়ত বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব'- এইদৰে কয় মন্ত্ৰী গৰাকীয়ে।
জানিবলৈ পোৱা গৈছে আন্তঃজিলা যাতায়ত বন্ধ সন্দৰ্ভত সোমবাৰে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব স্বাস্থ্য বিভাগৰ।
তাৎপৰ্যপূৰ্ণ আন্তঃজিলা যাতায়ত বন্ধ হ’লেও চলাচল কৰিব পাৰিব অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনসমূহ- মন্ত্ৰী গৰাকীয়ে কয়।
আনহাতে আগন্তক এক সপ্তাহৰ ভিতৰত ক'ৰ’না নিয়ন্ত্ৰণ নহ’লে অসম চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো ইংগিত প্ৰদান কৰে মহন্তই।
- Log in to post comments
- 27 views