নতুন ক'ভিড নিৰ্দেশনা গ্ৰাম্য অঞ্চলত প্ৰযোজ্য হ'ব নেকি! পঢ়ি জানি লওঁক

New corona protocol

ক'ৰ'না প্ৰতিৰোধৰ বাবে শনিবাৰে জাৰি কৰা নতুন নিৰ্দেশনা গ্রাম্য অঞ্চলত প্ৰযোজ্য নহয়। নগৰ আৰু নগৰৰ সীমাৰ পৰা ৫কিঃমিঃ ভিতৰত প্ৰযোজ্য হ’ব নিৰ্দেশনা। এই কথা পুনৰ জাননীৰ জৰিয়তে অৱগত কৰিছে ৰাজ্যৰ দুৰ্যোগ প্ৰসমন বিভাগে।

Notice

উল্লেখ্য যে গ্ৰাম্য অঞ্চলত ৪ মে'ৰ নিৰ্দেশনা বাহাল থাকিব।দিনৰ ২বজালৈ গ্রাম্য অঞ্চলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি থাকিব। সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন জাৰি হ’ব গ্রাম্য অঞ্চলত।

গুৰুত্বপূৰ্ণ কথা শনিবাৰে ঘোষণা হোৱা নতুন নিৰ্দেশনা অনুসৰি ১১ বজাত নগৰীয়া অঞ্চলৰ দোকান- পোহাৰ বন্ধ কৰিব লাগিব। দিনৰ ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন প্ৰযোজ্য হ’ব।

Your Comments