ডিগবৈৰ গ্ৰেণেড বিস্ফোৰণৰ শিহৰণকাৰী বৰ্ণনা দিলে ব্যৱসায়ীয়ে, পঢ়ক

Grenade blust

ক'ৰ’না আতংকৰ মাজতে তৈল নগৰী ডিগবৈৰ টিংৰাইত গ্ৰেণেড বিস্ফোৰণ। টিংৰাই বজাৰত শুক্ৰবাৰে দিনৰ প্ৰায় ১বজাত সংঘটিতত হৈছে বিস্ফোৰণটো।

বিস্ফোৰণত তিনিগৰাকীৰ ব্যক্তি গুৰুতৰ ভাৱে আহত হৈছে। অন্য এগৰাকী নিহত হোৱা বুলি জানিব পৰা গৈছে।নিহত ব্যক্তি গৰাকী সঞ্জীৱ সিং(২৫)। নিহত ব্যক্তিগৰাকীৰ ঘৰ মাকুমৰ শুকান পুখুৰীত।

আহত কেইজনক চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে। আহত সকলৰ ভিতৰত আছে ব্যৱসায়ী ঘনশ্যাম আগৰৱালা, সুৰজিৎ তালুকদাৰ আৰু মনজিৎ দাস।

Grenade blust

প্ৰাথমিক খবৰ অনুসৰি বাইকত আহিছিল দুটা দুৰ্বৃত্ত।টিংৰাই বজাৰত পুৰণমল আগৰৱালা হাৰ্ডৱে' ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ কৰি দুৰ্বৃত্ত দুটা পলায়ন কৰে ঘটনাস্থলীৰ পৰা।

ঘটনা সন্দৰ্ভত ব্যৱসায়ীক প্ৰতিষ্ঠান খনৰ স্বত্বাধিকাৰী আগৰৱালাই কয়-“১বজাত দোকান বন্ধ কৰোতে এগৰাকী গ্ৰাহক বস্তু বিচাৰি আহে। গ্ৰাহক গৰাকীক সামগ্ৰী দিবলৈ ভিতৰত প্ৰৱেশ কৰোতে বাহিৰত শব্দ শুনিবলৈ পাওঁ আৰু সামগ্ৰী নিবলৈ অহা গ্ৰাহক গৰাকী তাতে পৰি যায় আৰু চিঞৰি আছে। কাষত দেখো দোকানত কাম কৰা লৰাজনো পৰি আছে"।

আনহাতে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী-অৰ্ধসামৰিক বাহিনী। আৰম্ভ কৰিছে তদন্ত।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে জাগুনত গ্ৰেণেড বিস্ফোৰণ হৈ ১২বছৰীয়া এটা শিশুৰ মৃত্যু হৈছিল।

Your Comments