অপহৃত অএনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়া সন্ধানহীন হৈ থকাৰ সময়তে আলফা(স্বা)ৰ ৰাজহুৱা জাননী। দেশৰ ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠানলৈ সশস্ত্ৰ সংগঠনটোৱে জাৰি কৰিছে এই জাননী। অ’এনজিচি, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডক আলফা(স্বা)-এ দাবী মানি চলাৰ সকিয়নীৰে প্ৰেৰণ কৰা ৰাজহুৱা জাননীত সংগঠনটোৱে উল্লেখ কৰিছে- জন্মলগ্নৰে পৰা তৈল প্ৰতিষ্ঠান কেইটাই অসমৰ পৰা সম্পদ কিমান নিলে আৰু লাভৰ কিমান অংশ অসমে পালে তাৰ শুদ্ধ তথ্য মুকলিকৈ প্ৰকাশ কৰিব লাগে।
প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰী ব্যক্তিৰ বাবে সংৰক্ষণ কৰিব লাগে।
তৈলখণ্ডৰ প্ৰতিষ্ঠান কেইটাত চাকৰি মকৰলৰ বাবে সকলো ধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতে অনুষ্ঠিত কৰাৰ লগতে ৯৫ শতাংশ চাকৰি কেৱল থলগিৰী মানুহৰ বাবে সংৰক্ষণ ৰখাৰো দাবী জনাইছে।
প্ৰতিষ্ঠান কেইটাত ৮০শতাংশ চাকৰি নিয়োগ অনৈতিক পথেৰে চলি থকা বুলি উল্লেখ কৰি সংগঠনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কয়- চাকৰি নিয়োগত অসাধু গোষ্ঠীয়ে চলাই থকা ক’লা বজাৰ উৎখাট কৰি নিয়োগৰ ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰক।
ঠিকাভিত্তিত নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়াকৰণ কৰিব লাগে প্ৰতিষ্ঠান কেইটাই।
অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে ভোগ কৰাটো সু- নিশ্চিত কৰি অসমৰ গাঁওসমূহলৈ পাইপযোগে ঘৰে ঘৰে ৰন্ধন গেছৰ যোগানৰ ব্যৱস্থা কৰিব লাগে।
প্ৰতিষ্ঠান কেইটাই অসমৰ দল- সংগঠনক উৎসৱ-পাৰ্ৱণৰ বাবে দান বৰঙণি আগবঢ়োৱাৰ বিপৰীতে ৰাজ্যৰ সামগ্ৰীক বিকাশৰ লগতে বানপীড়িত, প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনক সহায়ৰ বাবে বছৰি ৫কোটিকৈ টকা প্ৰতিটো প্ৰতিষ্ঠানে আগবঢ়াব লাগিব বুলিও ৰাজহুৱা জাননী খনত উল্লেখ কৰিছে।
লগতে সশস্ত্ৰ সংগঠনটোৱে দাবী জনায় কয়, তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, ভাৰতীয় তৈল নিগম, অইল ইণ্ডিয়া লিমিটেডে দাবী কেইটা মানি চলাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰক। অন্যথা সশস্ত্ৰ সংগঠনটোৱে সামৰিক অভিযান চলাই থাকিব বুলি স্পষ্ট ভাৱে সকিয়নী প্ৰদান কৰিছে জাননী খনত।
- Log in to post comments
- 22 views