বঙাইগাঁৱত মাৰণাস্ত্ৰসহ এন ডি এফ বি (এছ) সদস্য আটক 

বঙাইগাঁৱত মাৰণাস্ত্ৰসহ এন ডি এফ বি (এছ) সদস্য আটক 

বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱৰ পালপাৰাস্থিত মিছন এখনৰ অতিথিশালাত মাৰণাস্ত্ৰসহ আশ্ৰয় লৈ থকা অৱস্থাত যোৱা নিশা সেনা- আৰক্ষীয়ে অভিযান চলাই এজন এন ডি এফ বি (এছ)সদস্যক আটক কৰে ৷ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সেনা-আৰক্ষীয়ে আটক কৰা সদস্যজন চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত আমটেগাৰ ফিলিমন নাৰ্জাৰী (২৭) বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ আটকাধীন  সদস্যজনৰ পৰা অভিযানকাৰী দলটোৱে এটা ৭.৬৫ এম এম পিষ্টল, এটা মেগজিন আৰু তিনিটা সজীৱ গুলি উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে সেনা বাহিনীৰ পঞ্চম গাড়োৱাল ৰেজিমেন্টে গোপন খবৰৰ ভিত্তিত যোৱা নিশা ১:৩০ মান বজাত বঙাইগাঁও আৰক্ষীৰ সৈতে অতিথিশালাটোত অভিযান চলাইছিল আৰু এই অভিযান কালতে এন ডি এফ বি সদস্যজনক আটক কৰা হয় ৷

বঙাইগাঁৱত মাৰণাস্ত্ৰসহ এন ডি এফ বি (এছ) সদস্য আটক 

ধৃত সদস্যজন ধন দাবীৰ বিভিন্ন ঘটনাৰ সৈতে জড়িত থকাৰ লগতে জনমানসত থাকি সেনা-আৰক্ষীৰ গতিবিধি নিৰীক্ষণ কৰি সংগঠনটোৰ উচ্চ পৰ্যায়ৰ নেতাক যোগান ধৰি আহিছিল ৷ ফিলিমন নাৰ্জাৰী সংগঠনটোৰ দুৰ্ধষ সদস্য জৰ্দান নাৰ্জাৰীৰ সহযোগী আছিল বুলিও সেনা সূত্ৰই দাবী কৰিছে ৷ ধৃত সদস্যজনৰ বিৰুদ্ধে ইতিমধ্যে বঙাইগাঁও থানাত ৭৪০/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে সেনা-আৰক্ষীয়ে ৷ ইপিনে আটকাধীন ফিলিমন নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ২০০৯ চনতে সংগঠন ত্যাগ কৰিছিল ৷ পিছত বাংগালোৰ আৰু বৰ্তমান মুম্বাইত কাম-কাজ কৰি আছিল ৷ সদস্যজনে মিছাকৈয়ে অভিযোগ অনাৰ লগতে পিষ্টলটোও তেওঁৰ নহয় বুলিহে কয় ৷

Your Comments