লতাশিলত সম্বৰ্ধনাৰে উপচালে স্বৰ্ণকন্যা হিমাক

লতাশিলত সম্বৰ্ধনাৰে উপচালে স্বৰ্ণকন্যা হিমাক

তিনিটা পদকে এছিয়ান গেমছত দেশৰ লগতে অসমৰ নাম উজ্বলাই তোলা নগাঁও ধিঙৰ জীয়ৰী হিমা দাসক আজি গুৱাহাটী লতাশিল খেলপথাৰত সম্বৰ্ধনা জনোৱা হয়। সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি ৩ বজাত আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত প্ৰায় ৩০০ কৈ অধিক জাতীয় দল-সংগঠন, ক্ৰিয়া সংগঠন, বিভিন্ন প্ৰতিষ্ঠান, বিভিন্ন সন্থা উপস্থিত থাকে । সদৌ অসম ছাত্ৰ সন্থা মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লোৰিণজ্যোতি গগৈ, সভাপতি দীপাংকৰ নাথ প্ৰমূখ্য আছুৰ ভালে সংখ্যক বিষয়ববীয় আৰু কর্মী এই অনুষ্ঠানত উপস্থিত থাকে ।

লতাশিলত সম্বৰ্ধনাৰে উপচালে স্বৰ্ণকন্যা হিমাক

ইয়াৰ উপৰিও অসম সাহিত্য সভা, জনগোষ্টীয় সাহিত্য সভা বিষয়ববীয়সকলো উপস্থিত থাকে । এই অনুষ্ঠানতে গোলাঘাট জিলা মটৰ পৰিবহন সন্থাই হিমাক এক লাখ টকা চেক প্ৰদান কৰে । তাৰোপৰি হাইয়াত হস্পিতাল কৰ্তৃপক্ষই হিমা আৰু মাক-দেউতাকৰ জীৱন ভৰ তেওঁ লোকৰ হস্পিতালত বিনামূলীয়া হ'ব বুলিও জানিবলৈ দিয়ে। তাৰ সমান্তৰালকৈ নেম কেয়াৰ হস্পিতাল কৰ্তৃপক্ষ অনুষ্ঠানৰ মাজতে ঘোষণা কৰে হিমা আৰু তেওঁ পৰিয়ালৰ বাবে হস্পিতাল কৰ্তৃপক্ষ পাঁচ লাখ টকা এক চিকিৎসা বীমা প্ৰদান কৰিব বুলি আৰু এই বীমা জৰিয়তে ভাৰতবর্ষ যি কোনো হস্পিতালতে চিকিৎসা কৰিব পাৰিব ।

ইয়াৰ উপৰিও এই অনুষ্ঠানত ৩০০ কৈ অধিক দল-সংগঠন, অনুষ্ঠান-প্ৰতিস্থানে স্বৰ্ণকন্যা গৰাকীক সম্বৰ্ধনা জনাই । এই সম্বৰ্ধনা অনুষ্ঠানত হিমা দাসৰ পিতৃ-মাতৃ লগতে বৰদেউতা আৰু বৰমাকো উপস্থিত থাকে । তেওঁলোককো এই অনুষ্ঠানত আছুৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ উপৰিও এই অনুষ্ঠানত এই হিমা প্ৰশিক্ষক নবজিৎ মালাকাৰ, পুতুল গগৈ, নিপন দাসকো সম্বৰ্ধনা জনোৱা হয় ।

লতাশিলত সম্বৰ্ধনাৰে উপচালে স্বৰ্ণকন্যা হিমাক

তেওঁক এই সম্বৰ্ধনা অনুষ্ঠানত প্ৰদান কৰা হয় এটা জাপি, চেলেংচাদৰ, শৰাই, গামোচা ,পাটৰ কাপোৰ, সম্বৰ্ধনা পত্ৰ আৰু এটা ভাস্কৰ্য মূৰ্তি আছুৰ ফালৰ পৰা প্ৰদান কৰা হয় । আছুৰ এই সম্বৰ্ধনা অনুষ্ঠানতে হিমাক কিছু আবেগিক হৈ পৰাও দেখিবলৈ পোৱা গ'ল । সম্বৰ্ধনা গ্ৰহণ কৰি দৌৰ ৰাণী হিমা দাসে ৰাইজক উদ্দেশ্য কৰি কয় যে ৰাইজে যি সন্মান দিছে সেই সন্মান সদায় মূল্য দিব লগতে এই বুলিও কয় যে ভোগেশ্বৰ বৰুৱাৰ পিছত অসমবাসীয়ে যি ৫২তা বছৰ এছিয়ান গেমত অসমৰ নাম জিলিকাই তুলিবলৈ যি সময় লাগিল সেই ব্যৱধান এতিয়া পৰা কেতিয়াও হ'বলৈ নিদিয়ো বুলিও জানিবলৈ দিয়ে ।

এই অনুষ্ঠানতে হিমাই উপস্থিত ৰাইজৰ বাবে দুটা গীতো পৰিবেশন কৰে । ভূপেন হাজৰিকাৰ 'মানুহে মানুহৰ বাবে' আৰু জুবিন গাৰ্গৰ 'মন যায়' সেই বিশেষ গীত দুটা । ভাষণ আৰম্ভ কৰি স্বৰ্ণকন্যা গৰাকীয়ে ভূপেন হাজৰিকা দেৱৰ 'এই পৃথিৱী এক ক্ৰিয়াঙগণ ক্ৰিয়া হ'ল শান্তি প্রাংগণ' বুলিও দর্শক সম্বোধি কয় । ইয়াৰ লগতে এইবুলিও কয় যে ক্ৰিয়া দিশত এই জুই জ্বলিছে আৰু জ্বলিবই বুলিও দাবী কৰে । তেওঁ সপোন ১০ মেডেল লাভ কৰি প্ৰধান মন্ত্ৰীৰ লগত ফটো উঠি অসমৰ নাম জিলিকাই তোলাৰ ইচ্ছাৰ কথা এই অনুষ্ঠানতে জানিব দিয়ে ।

Your Comments