মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে কামাখ্যা দেৱালয়ত আশীষ ল'লে ডঃ হিমন্ত বিশ্ব শৰ্মাই।
কামাখ্যা দর্শন কৰাৰ পূৰ্বে ডঃ শৰ্মাই উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰ,শুৱালকুচিৰ শ্ৰীশ্ৰী ঈশ্বৰ হাটী সত্ৰ দৰ্শন কৰি আশীষ গ্ৰহণ কৰে।
ৰাজ্যখনৰ সর্বাংগীন কল্যাণ সাধন কৰাৰ লগতে জনতাৰ সুস্বাস্থ্য,শান্তি-সমৃদ্ধি অটুট ৰখাৰ আশীৰ্বাদ বিচাৰে শৰ্মাই।
সোমবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত লয় ডঃ শৰ্মাই।
- Log in to post comments
- 22 views