সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰঙিয়াতো যুৱ কংগ্ৰেছৰ নেতৃত্বত অত্যাৱশকীয় মূল্যবৃদ্ধিৰ লগতে পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ভাৰত বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰঙিয়া চহৰত গাড়ী, মটৰ, দোকান, বেংক, স্কুল-কলেজ সকলোতে বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয় ।
বন্ধৰ সমৰ্থকসকলে ৰঙিয়া অভিমুখি কামৰূপ এক্সপ্ৰেছ ৰেলগাড়ীখন ৰঙিয়াৰ বন গাওঁত কেইবা ঘন্টা আবদ্ধ কৰি ৰাখি বিজেপি চৰকাৰ মূৰ্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায় আদি শ্লোগান দি পৰিবেশ উত্তপ্ত কৰি ৰাখে । প্ৰতিবাদস্থলিৰ পৰা প্ৰাক্তন সংসদীয় সচিব ঘনশ্যাম কলিতাই কয় যে পৰিৱৰ্তন শ্লোগান গাই শাসনৰ গাদীত বহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰাটো দূৰভাগ্যজনক।প্ৰতি সপ্তাহৰ মূৰে মূৰে পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধি হোৱাত সৰ্বসাধাৰন ৰাইজ যথেষ্ঠ্য সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।
জনসাধাৰনক মিছা প্ৰতিশ্ৰুতি দি পৰিৱৰ্তনৰ সপোন দেখুৱা চৰকাৰখনে সৰ্বসাধাৰন জনতাৰ কথা নভৱাটো দূৰভাগ্য জনক । আজি কংগ্ৰেছ দলে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰঙিয়াটো স্বেচ্ছাচাৰী শাসন চলোৱা চৰকাৰখনৰ বিৰুদ্ধে আৰু পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিবাদত বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে । যুৱ কংগ্ৰেছৰ চাহাবুদ্দিন আহমেদ, ডিম্বেশ্বৰ বড়ো, ফাৰুক আলী, বুলবুল হুছেইন আদিৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ দলটোৱে ৰেল গাড়ীখন অৱৰোধ কৰে । প্ৰশাসনৰ লগত হোৱা আলোচনাৰ পিছত অৱৰোধ কাৰ্য্যসূচী উঠাই লোৱা হয় ।
- Log in to post comments
- 35 views