উত্তৰ-পূব ভাৰতত কৰ্কট ৰোগ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা গুৱাহাটীৰ খানাপাৰাস্থ হেলথ্ চিটী হাস্পতালত ৮ মে'ত কেঞ্চাৰ ৰোগীৰ বাবে মুকলি কৰা হয় এটি "ডে কেয়াৰ কেম'ইউনিট"। কৰ্কট ৰোগীৰ বাবে এই ইউনিটো মুকলি কৰে হেলথ্ চিটী হাস্পতালৰ চিকিৎসা সেৱা সঞ্চালক ডাঃ অতনু বৰঠাকুৰ আৰু অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰে।
অসমকে ধৰি উত্তৰ-পূব ভাৰতত কেঞ্চাৰ ৰোগীৰ দ্ৰুত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৩০খন বিছনাযুক্ত এই কেম' ইউনিটটো মুকলি কৰা হয় বুলি প্ৰকাশ কৰে হেলথ্ চিটী হাস্পতালৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই।এই ইউনিটটো পৰিচালিত হ'ব অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খ্যাতনামা কেঞ্চাৰ ৰোগ বিশেষজ্ঞ ডাঃ ভাৰ্গৱ শইকীয়াৰ নেতৃত্বত।কেম' থেৰাপীৰ বাবে দীৰ্ঘ সময় ধৰি অপেক্ষা বা শাৰী পাতিবলগীয়া অৱস্থাৰ পৰা কেঞ্চাৰ ৰোগীসকলে কিছু হ'লেও সকাহ পাব বুলিও দত্তই মন্তব্য কৰে।
- Log in to post comments
- 13 views