ক'ৰ'না ৰোধৰ বাবে এপাৰ্টমেণ্ট, অট্টালিকাৰ বাসিন্দালৈ জাৰি নীতি-নিয়ম, পঢ়ি জানি লওঁক

Mahal

ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে ক'ৰ’না পৰিস্থিতি।ক’ভিড নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে জাৰি কৰিছে বহুতো নীতি-নিৰ্দেশনা। ইতিমধ্যে অৰ্ধ লক্‌ডাউন পৰ্যায়ত বাহাল আছে ক’ভিড নিয়ন্ত্ৰণ নিৰ্দেশনা।

ইফালে এপাৰ্টমেণ্ট-অট্টালিকাৰ বাসিন্দা সকলৰ বাবেও ক’ভিডৰ নীতি-নিয়ম ঘোষণা কৰিছে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে।

Notice

এপাৰ্টমেণ্ট চচাইটিসমূহে বাহিৰৰ দর্শনাৰ্থী প্ৰৱেশাধিকাৰ সীমিত কৰি দর্শনাৰ্থীৰ নীতি-নিয়ম প্ৰয়োগ কৰিব। সকলো দর্শনাৰ্থীৰ ভ্ৰমণ বিৱৰণ লিপিবদ্ধ কৰা হব।

প্ৰতিটো এপাৰ্টমেণ্টৰ প্ৰৱেশদ্বাৰত নিৰ্ধাৰিত স্থানত হাত ধোৱাৰ বাবে ব্যবস্থা থাকিব। হাত ধোৱা কৌশল সমূহ পোষ্টাৰত উল্লেখ থাকিব। সম্ভৱ হ’লে প্ৰৱেশদ্বাৰত চেনিটাইজাৰ ৰাখিব।

এপাৰ্টমেণ্টৰ ভিতৰত ৰাজহুৱা সমাৱেশ হোৱা ঠাই,পার্ক,চুইমিং পুল, ফিটনেছ চেণ্টাৰ বন্ধ কৰাৰ লগতে সমাবেশৰ অনুমতিও দিয়া নহ’ব।

এপাৰ্টমেন্টৰ চৌহদ দৈনিক তিনিবাৰকৈ চাফা কৰাৰ লগতে বীজাণুমুক্ত কৰাৰ ব্যৱস্থা কৰিব।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ফালৰ পৰা ক'ৰ’না ৰোধ কৰাৰ বাবে এপাৰ্টমেন্টৰ বাসিন্দালৈ জাৰি কৰা হৈছে এই সমূহ নীতি-নিয়ম।

Your Comments