ধুবুৰীত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

Dhubri

মূল্যবৃদ্ধিৰ প্ৰীতিবাদত আজি নিখিল ভাৰত কংগ্ৰেছৰ আহ্বানত দহ ঘণ্টীয়া ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ধুবুৰীত । ধুবুৰী জিলা কংগ্ৰেছৰ ফালৰ পৰা পুৱাৰ ভাগত ধুবুৰী-শিলিগুৰি ৰেল অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি জিলা কংগ্ৰেছ, জিলা মহিলা কংগ্ৰেছ, জিলা যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ কৰ্মীসকলে বিভিন্ন চৰকাৰী কাৰ্যালয় বন্ধ কৰাৰ লগতে ৰাইজক বন্ধ পালন কৰাৰ বাবে আহ্বান জনাইছিল । বন্ধৰ ফলতসমূহ দোকানসমূহ বন্ধ থকা পৰিলক্ষিত হয় ধুবুৰীৰ চহৰৰ লগতে জিলাখনৰ গৌৰীপুৰ, বিলাসীপাৰা আৰু গোলকগঞ্জৰ কংগ্ৰেছ কৰ্মী সকলে এইদৰে ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

dhubri-

ইপিনে ধুবুৰী আৰক্ষীয়ে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ আৰু জিলা মহিলা কংগ্ৰেছৰ সভানেত্রী বেবী বেগমকে ধৰি একাংশ মহিলা কংগ্রেছীক আৰক্ষীয়ে আটক কৰি লৈ যায় । আনহাতে জিলাখনৰ বিভিন্ন স্থানৰ পৰা কংগ্ৰেছ কৰ্মী সকলক আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে । ধুবুৰী সদৰ আৰক্ষী থানা চৌহদত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আটক হোৱা কংগ্ৰেছ কৰ্মী সকলে । ইপিনে আৰক্ষীয়ে আটক কৰিলেওঁ কংগ্ৰেছে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰিলে জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমে । 

Your Comments