ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰ'না আক্রান্তৰ ঘটনা।দেওবাৰে নতুনকৈ ক'ৰ'নাত আক্রান্ত হৈছে ২৩৮৫গৰাকী।কামৰূপ মহানগৰ জিলাত ১০৯৯ গৰাকী নতুনকৈ ধৰা পৰিছে কভিড আক্রান্ত।
উল্লেখ যে দেওবাৰে ২৩,৮১৮গৰাকীৰ ক'ৰ'না পৰীক্ষা কৰা হৈছিল।
তাৎপৰ্যপূৰ্ণ যে নির্বাচনী ফলাফলৰ ধামখুমীয়াৰ মাজতে দেওবাৰৰ দিনটোত উদ্বেগজনকভাৱে আক্রান্তৰ হাৰ বৃদ্ধি হয় অসমত।দিনটোত আক্রান্তৰ হাৰ আছিল ১০.০১শতাংশ।
ইফালে মৃত্যুৰ সংখ্যা দিনটোত ৩০ গৰাকী।
- Log in to post comments
- 17 views