জীৱন মৰাণক সতৰ্ক কৰি আলফা(স্বা)ক আহ্বান ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ, সবিশেষ পঢ়ি জানি লওক

Bhaskar jyoti mahanta

অএনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক উদ্ধাৰৰ বাবে সেনা-আসাম ৰাইফলছ, নাগালেণ্ড পুলিচৰ অভিযান অব্যাহত আছে।আলফা(স্বা)ৰ কবলতে অপহৃত বিষয়া ৰিতুল থকাৰ কথা সদৰী কৰিলে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

মন জিলাৰ নাগালেণ্ড-ম্যানমাৰ সীমান্তৰ মানিয়াকছো নামৰ ঠাইত কিছু পূৰ্বে আলফা(স্বা)ৰ দলটো আৱদ্ধ হৈ আছে।ৰিতুল শইকীয়াৰ জীৱিত অৱস্থাত থকাৰ লোকেচন লাভ কৰা হৈছে।নাগালেণ্ডৰ কন্যাক ইউনিয়নে আলফা(স্বা)ক সতৰ্ক কৰি দিছে তাত আশ্ৰয় গ্ৰহণ কৰাৰ পৰা  বিৰত থাকিবলৈ।জীৱন্তে কৰ্মচাৰী গৰাকীক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে।অসম আৰক্ষীয়ে কন্যাক ইউনিয়নক সংবাদমেলৰ জৰিয়তে ধন্যবাদ জনায় ৷

আলফা(স্বা)ক আৰক্ষীৰ সঞ্চালক প্ৰধান মহন্তই আহ্বান জনাই কয়- এজন স্থানীয় থলুৱা যুৱকক বিহুৰ দিনাই লৈ যোৱা,এগৰাকী অসমীয়া মাতৃৰ হৃদয় শুদা কৰি কোনো বীৰত্বৰ কাম কৰা নাই।

জীৱন্ত অৱস্থাত কৰ্মচাৰী গৰাকীক ঘুৰাই দিলে আলফা(স্বা)ৰ কোনো লোকচান নহয় বৰঞ্চ অসমবাসীৰ বাবে ভাল এটা খবৰ হ'ব বুলি লগতে মহন্তই কয়।

আলফা(স্বা)ক উদ্দেশ্য কৰি সংবাদ মাধ্যমৰ যোগেদি কয়-যুদ্ধ-বিগ্ৰহৰ জৰিয়তে উদ্ধাৰ কৰিবলৈ বিচৰা নাই অপহৃত ব্যক্তি গৰাকীৰ কোনো অপকাৰ হ’ব বুলি।সাৱধানে কাম কৰি থকা হৈছে'।

আনহাতে আলফা(স্বা)ৰ বিত্তীয় সম্পাদক নেতা জীৱন মৰাণৰ আত্মসমৰ্পণ সন্দৰ্ভত মহন্তই কয়- আৰক্ষীয়ে কোনো তেল-তুল মাৰি আত্মসমৰ্পণ কৰিবলৈ কোৱা নাই।তেওঁ আহিছে আদৰণি জনাইছোঁ।লগতে সতৰ্ক কৰি কয়- আলফাক সহায় কৰাৰ বাবে যদি আত্মসমৰ্পণ কৰিছে তেন্তে ভুল ভাবিছে।যদি ভাল ভাবি আহিছে তেন্তে আৰক্ষীয়ে সহায় কৰিব।

Your Comments