ভাৰতৰ দৰে পাকিস্তানতো ক্রমশঃ ভয়ঙ্কৰ ৰূপ লৈছে ক’ৰ’না সংক্রমণে। বিগত ২৪ ঘণ্টাত ক’ৰ’না সংক্রমণত মৃত্যু হৈছে ১৪৮ জন লোকৰ। ফলত লক্ডাউনৰ দিশে ধাৱমান হৈছে ইমৰান খান চৰকাৰ।
পাক্ চৰকাৰৰ তৰফৰপৰা দেশৰ ক’ৰ’না পৰিস্থিতিক 'অতি ভয়ঙ্কৰ' বুলি বর্ণনা কৰা হৈছে। এই ধৰণৰ পৰিস্থিতিত দেশৰ অধিকাংশ চহৰত ২ সপ্তাহৰ লক্ডাউন ঘোষণা কৰিছে পাকিস্তানৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ মন্ত্রী আছাদ ওমৰে।
আছাদ ওমৰে দেশবাসীৰ উদ্দেশ্যে দিয়া এক আবেদনত কৈছে, দয়া কৰি পৰিস্থিতিৰ গুৰুত্ব বুজক। নিজৰ খেয়াল ৰাখক। যি দৰে সংক্রমণ হৈছে, চিকিৎসালয় সমূহ ৰোগীৰে ভৰি পৰিছে যে এতিয়াই কোনো কাঢ়া সিদ্ধান্ত নল’লে কোনো উপায় নাই। দেশৰ ডাঙৰ চহৰ সমূহত লক্ডাউন ঘোষণা কৰিব লগা হৈছে।
পাক্ চৰকাৰৰ তৰফৰপৰা দেশৰ অধিকাংশ ৰাজ্যৰ মুখ্যমন্ত্রীসকলক লক্ডাউনৰ প্রস্তুতি চলাবলৈ কোৱা হৈছে। ৰাজ্য সমূহৰ স্বাস্থ্য বিভাগৰ আধিকাৰী সকলৰ সৈতে বৈঠকত মিলিত হৈ এই সন্দৰ্ভত পৰিকল্পনা কৰিবলৈ কোৱা হৈছে। হাতত মাত্র কেইটামান দিনৰ সময় আছে। ইয়াৰ ভিতৰতে সকলো প্রস্ততি সম্পূৰ্ণ কৰিব লাগিব। এনেদৰেই নির্দেশিনা দিয়া হৈছে।
আনহাতে, কৰাছীৰ কিছু এলেকাত ইতিমধ্যে অহা ৫ মে’ পর্যন্ত লক্ডাউন ঘোষণা কৰিছে কৰাছী পৌৰসভাই ৷ ইয়াৰ লগতে সিন্ধ প্রদেশৰ ৩টা এলেকাতো লক্ডাউন ঘোষণা কৰা হৈছে।
উল্লেখ্য, বিগত ২৪ ঘণ্টাত পাকিস্তানত ক’ৰ’না সংক্রমণত মৃত্যু হৈছে ১৪৮ জন ব্যক্তিৰ। নতুনকৈ ক’ৰ’না আক্রান্ত হৈছে ৫,৪৯৯ জন। এই পর্যন্ত মুঠ মৃত্যুৰ সংখ্যা প্ৰায় ১৬,৬০০ জন।
- Log in to post comments
- 31 views