শুক্ৰবাৰে গুৱাহাটী সৰুসজাইত নিৰ্মীয়মান ৪০০বিচনা যুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, “৯ এপ্ৰিলৰপৰাহে অসমত ক’ভিড আহিছে। তাৰ আগতে ক’ভিড নাছিল সেয়া সত্য কথা”।
উল্লেখ্য যে, গুৱাহাটীৰ সৰুসজাইৰ উপৰিও এছআইডি কাঢ়িকুছিত ২৫০জন আৰু পটঞ্জলি যোগ পীঠত ৪০০জন আক্ৰান্ত থাকিব পৰাকৈ নিৰ্মান চলি আছে দুটা ক’ভিড কেয়াৰ চেণ্টাৰ ৷ আগন্তক ৫ দিনৰ ভিতৰত সাজু হ'ব তিনিওটা চেণ্টাৰ। চেণ্টাৰ কেইটা সাজু হ'লে ১০৫০ গৰাকী আক্রান্ত ৰাখিব পৰা যাব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।
পৰিস্থিতি যিধৰণেৰে আগবাঢ়িব তাৰ লগত জোৰা টাপলি-মাৰিব লাগিব বুলি কৈ মন্ত্ৰী গৰাকীয়ে কয়- খানাপাৰাত ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰিৱৰ্তে আইচিইউ-ৰ সৈতে এখন কেম্প চিকিৎসালয় নিৰ্মান কৰাৰ কথা আলোচনা চলি আছে। লগতে তেওঁ কয়, বৰ্তমানলৈকে অক্সিজেন, চিকিৎসালয়ত বিচনা আমাৰ হাতত আছে।কিন্তু ৰোগীৰ সংখ্যা বাঢ়ি পৰিৱেশ জটিল হ’লে অন্য ৰাজ্যৰ ওচৰত হাত পাতিব লগা পৰিস্থিতি আহিলে কি ধৰণৰ পৰিৱেশ হ’ব বৰ্তমান ক’ব পৰা অৱস্থাত নাই। কাৰণ অন্য ৰাজ্যৰ অৱস্থাও বেয়া। অভাৱনীয় পৰিৱেশ নহ’লে জোৰা টাপলি মাৰিব পাৰিম- মন্ত্ৰী শৰ্মাই কয়।
তাৎপৰ্যপূৰ্ণ কথা এই যে, পূৰ্বতকৈ পাতল এইবাৰৰ ক’ভিড।পূৰ্বতে এটা ঘৰত এজন আক্রান্ত হ’লে অন্য সকলে অলপ সাৱধানে থাকি আক্রান্ত হোৱাৰ পৰা মুক্ত হৈছিল। কিন্তু এইবাৰ এজন আক্রান্ত হ’লে ঘৰখনৰ আটাইকেইজন আক্রান্ত হৈছে- উদ্বিগ্নতাৰে মন্ত্ৰী গৰাকীয়ে কয়।
ইফালে ২মে'ত নির্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত ক’ভিড প্ৰট’কল জাৰি কৰিব নিৰ্বাচন আয়োগে- মন্ত্ৰী গৰাকীয়ে লগতে জনায়।
- Log in to post comments
- 20 views