প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

Pic

ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ।চিকিৎসালয়ত মৃত্যুৰে যুঁঁজ দিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। বাৰ্ধক্যজনিত কাৰণৰ লগতে বৃক্ক ৰোগত আক্রান্ত ৮৯ বছৰীয়া জ্যেষ্ঠ নেতাগৰাকী।সম্প্ৰতি গুৱাহাটীৰ দিছপুৰ হাস্পতালত আইচিইউত ভৰ্তি হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।উল্লেখ যে ১৩ মাৰ্চৰ পৰা বৰ্মন ভৰ্তি হৈ আছে হাস্পতালত।১৪মাৰ্চত তেওঁক আইচিইউলৈ স্থানান্তৰ কৰা হৈছিল।

ইফালে,বুধবাৰে জ্যেষ্ঠ নেতাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বুজ লয় প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই।১৯৯৬ চনত ২২দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত বৰ্মন ৭বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।১৯৬৭চনত প্ৰথমবাৰ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল ।প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল বৰ্মনে। আনহাতে জ্যেষ্ঠ নেতাগৰাকী সুস্থ হৈ উঠাৰ বাবে সকলোৱে কামনা কৰিছে।

Your Comments