গুৱাহাটীৰ চাৰিটা সমষ্টিৰ বিষয়ে জানি লওঁক

3rd phase election

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ মঙলবাৰে অনুষ্ঠিত হ’ব।গুৱাহাটীৰ চাৰিটাকৈ সমষ্টিত মঙলবাৰে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

দিছপুৰ, পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰী সমষ্টিত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ’ব।

উল্লেখ্য ইতিমধ্যে ভোটগ্ৰহণৰ বাবে যাৱতীয় সকলো কাম-কাজ সম্পন্ন কৰি তোলা হৈছে।ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ পুলিং-প্ৰিজাইডিং বিষয়া সকলক ইতিমধ্যে লৈ যোৱা হৈছে।

শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আৰক্ষীৰ ফালৰ পৰাও গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

গুৱাহাটীৰ চাৰিটা সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১,৭০৭টা।পূব গুৱাহাটী সমষ্টিত ৩৫৩টা, পশ্চিম গুৱাহাটীত ৪৫০টা, জালুকবাৰীত ২৯৭টা আৰু দিছপুৰ সমষ্টিত ৬০৭টা কেন্দ্ৰ আছে।ইফালে ৪১টাকৈ ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে।

Your Comments