বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত অংশ লোৱা বুলি শুক্রবাৰে ঢাকাত মুজিব শতবর্ষৰ অনুষ্ঠানত দাবী কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । স্মৃতিচাৰণ কৰি তেওঁ কয়,'জীৱনৰ আৰম্ভণিৰ ফালে আন্দোলনসমূহৰ অন্যতম আছিল বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত অংশ লোৱা।' মোদীয়ে লগতে কয় যে, সেই সময়ত তেওঁৰ বয়স আছিল ২০-২২বছৰ ৷ বাংলাদেশৰ স্বাধীনতা আন্দোলনত মোদী আৰু তেওঁৰ সঙ্গীসকলে সত্যাগ্রহ কৰিছিলে বুলিও জনায়।
বাংলাদেশৰ স্বাধীনতাৰ সমর্থনত চামিল হোৱাৰ বাবে গ্ৰেপ্তাৰ হৈ জেললৈও গৈছিল মোদী। বাংলাদেশৰ স্বাধীনতাৰ বাবে বাংলাদেশত যিমান আশা কৰিছিল, সিমানখিনি আশাই কৰিছিল ভাৰততো। এই সকলোবোৰ কথা জনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে বাংলাদেশৰ আত্মিক সম্পর্ক আজিৰ নহয়, বৰং স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা। আৰু কেৱল সম্পর্কই নহয়, বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অংশগ্রহণো আছিল বুলি দাবী কৰিলে মোদীয়ে।
- Log in to post comments
- 14 views