৪৯৭ দিন পিছত বিদেশ ভ্ৰমণত প্রধানমন্ত্রী নৰেন্দ্র মোদী। দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ইতিমধ্যে বাংলাদেশ পালেগৈ প্রধানমন্ত্রী। ৰাষ্ট্ৰীয় স্মৃতিসৌধত পুষ্পাঞ্জলী অর্পণ কৰি এসত্তৰৰ মুক্তিযুদ্ধৰ বীৰ শ্বহীদসকলৰ প্রতি শ্রদ্ধা জনাই তেওঁ। ইয়াৰ পিছতে ১২ লাখ ভেক্চিন ডোজ বাংলাদেশক উপহাৰ দিলে নৰেন্দ্র মোদীয়ে। ইয়াৰ লগতে এই ভ্ৰমণ সময়তে নতুন দিল্লী আৰু ঢাকাৰ মাজত কমপক্ষেও পাঁচখন এএমইউ (AMU) স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।
জাতিৰ জনক বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্মশতবার্ষিকী আৰু স্বাধীনতাৰ স্বর্ণজয়ন্তীৰ অনুষ্ঠানত যোগ দিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি শুক্রবাৰে ৰাতিপুৱা দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ঢাকাত উপস্থিত হয়। মূলতঃ, বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাচিনাৰ আমন্ত্রণতেই তেওঁ বাংলাদেশলৈ গমন কৰে।
যোৱা বছৰ নৱেম্বৰ মাহত ভাৰতৰপৰা ৩ কোটি ক’ভিড টিকা কিনাৰ কথা জনাইছিল বাংলাদেশে। ইয়াৰ পিছত, ভাৰতত গণটিকাকৰণ আৰম্ভ হ’লত ওচৰচুবুৰীয়া বন্ধুৰাষ্ট্র বাংলাদেশৰ দিশে সাহায্যৰ হাত আগবঢ়াই ভাৰত চৰকাৰে। চেৰাম ইনষ্টিটিউট অফ্ চাৰ্ভিছৰ কোভিশ্বিল্ড ভেক্চিনৰ ২০ লাখ ডোজ উপহাৰ হিচাপে তুলি দিয়া হয় বাংলাদেশ চৰকাৰৰ হাতত। যোৱা ২০ জানুৱাৰীত এখন বিশেষ বিমানত সেইখিনি পঠিয়াই ঢাকাৰ শ্বাহজালাল আন্তর্জাতিক বিমানবন্দৰলৈ। ভাৰত-বাংলাদেশ পাৰস্পৰিক বন্ধুত্বক অধাক দৃঢ় কৰিবলৈ ভেক্চিন উপহাৰ দিয়াৰ সিদ্ধান্ত লোৱা বুলি খবৰ নতুন দিল্লীৰ সূত্রৰপৰা।
- Log in to post comments
- 11 views