দেৰ দশকৰো আগতেই আৰম্ভ হৈছিল টুইটাৰ। ২০০৬ চনৰ ৬ মার্চত প্রথম টুইটটো কৰিছিলে টুইটাৰৰ চিইঅ’ জেক্ ডোৰছে-য়ে। ইমান দিনৰ পিছত নিলাম কৰা হ’ল সেই টুইট।
পৃথিৱীৰ প্রথম টুইটটো নিলাম কৰি উঠিছে ১৮ কোটিৰো অধিক টকা। সেই ধন কোনো দাতব্য প্রতিষ্ঠানত দান কৰিব বুলি জনাইছে ডোৰছে-য়ে। সেই টুইটটো কিনিছে ছিনা ষ্টাভি নামৰ এক ব্যক্তিয়ে। তেওঁ ব্রিজ অ’ৰাকেল নামৰ এটা কোম্পানীৰ চিইঅ’।
পৃথিৱীৰ প্রথম টুইটত টুইটাৰৰ চিইঅ’ গৰাকীয়ে লিখিছিলে, 'just setting up my twttr’'। ইমান দিনৰ পিছত 'Valuables' নামৰ এক প্রতিষ্ঠানৰ জৰিয়তে নিলাম কৰাৰ সিদ্ধান্ত ল’লে ডোৰছে-য়ে। Valuables ৰ ফালৰপৰা জনোৱা হৈছে, এই টুইটটো অতি মূল্যবান কাৰণ এইটোত আছে যিয়ে কৰিছিলে তেওঁৰ স্বাক্ষৰ।
- Log in to post comments
- 13 views