মঙলবাৰে চুইছ সংস্থাৰ IQAir ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা বিশ্বৰ আটাইতকৈ বায়ু প্ৰদূষিত ৩০খন চহৰৰ তালিকাত আছে ভাৰতৰেই ২২খন চহৰ। য’ত বিশ্বৰ আটাইতকৈ বায়ু প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে চীনৰ বেইজিঙে।বেইজিঙৰ পিছত তালিকাৰ বাকী দশম স্থানলৈকে আটাইকেইখন চহৰ ভাৰতৰে।
উক্ত তালিকাত প্ৰকাশ কৰা অনুসৰি,বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী চহৰ দিল্লী আৰু বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ দশম স্থানতো আছে দিল্লী। অৱশ্যে, বায়ু প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত কেজৰিৱাল চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ফলত ২০১৯ৰ পৰা ২০২০ৰ ভিতৰত বায়ু প্ৰদূষণ ১৫ শতাংশ ভালৰ দিশলৈ আহিছে।
দিল্লীৰ উপৰিও তালিকাত ভাৰতৰ আন ২১ খন চহৰৰ নামো সন্নিৱিষ্ট হৈছে। এই তালিকাত উত্তৰ প্ৰদেশৰ সকলোতকৈ বেছি চহৰৰ নাম অন্তৰ্ভুক্ত হৈছে। ৰাজ্যখনৰ গাজিয়াবাদ, বুলন্দচহৰ, বিছৰাখ জালালপুৰ, নয়দা, গ্ৰেটাৰ নয়দা, কানপুৰ, লক্ষ্ণৌ, মীৰাট, আগ্ৰা আৰু মুজাফ্ফৰ নগৰৰ নাম আছে তালিকা খনত। আনহাতে, তালিকাত নাম থকা আন ৰাজ্যৰ চহৰসমূহ হৈছে ভীওৱাৰি, ফৰিদাবাদ, ঝিন্দ, হিচাৰ, ফতেহাবাদ, ভাণ্ডৱয়াৰি, গুৰুগ্ৰাম, যমুনানগৰ, ৰোহটক, ধাৰুহীৰা আৰু বিহাৰৰ মুজাফ্ফৰ নগৰ ৷
জানিব পৰা অনুসৰি, এই সমীক্ষাৰ বাবে সংগ্ৰহ কৰা তথ্যসমূহ সংশ্লিষ্ট দেশৰ চৰকাৰী সংস্থাই দিয়া তথ্যৰ পৰাই সংগ্ৰহ কৰা হৈছে। বিশ্বৰ ১০৬খন দেশৰ বিভিন্ন চহৰৰ তথ্য সংগ্ৰহ কৰি তালিকাখন প্ৰস্তুত কৰা হৈছিল ।
উক্ত তালিকাখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰতৰ প্ৰচাৰ যে অন্তঃসাৰশূন্য হৈ পৰিছে তাৰেই প্ৰমাণ দাঙি ধৰিলে ।
- Log in to post comments
- 176 views