'কা' বাতিলৰ দাবীত কামৰূপৰ দদৰা,বংশৰ, হাজো,শুৱালকুছি,বামুন্দীৰ মাজেৰে আছুৰ বৃহৎ মটৰ চাইকেল ৰেলী 

Pic

#মৃণাল ডেকা,শুৱালকুছি:

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ নিৰ্বাচনী গৰম বতাহক আৰু অধিক উত্তপ্ত কৰি ২০ মাৰ্চত 'কা' বিৰোধী শ্লোগানেৰে কামৰূপৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত জাতিধবংসী নাগৰিকত্ব (সংশোধনী) আইন,২০১৯ বাতিলৰ দাবীত কামৰূপ জিলা আছুৱে এক বৃহৎ মটৰ চাইকেল ৰেলী  উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।পূব বংশৰ আঞ্চলিক ছাত্র সন্থা,শুৱালকুছি আঞ্চলিক ছাত্র সন্থা,পশ্চিম বংশৰ আঞ্চলিক ছাত্র সন্থা,দমদমা  আঞ্চলিক ছাত্র সন্থা আৰু হাজো আঞ্চলিক ছাত্র সন্থাই একত্রিতভাৱে পুৱা ১১ বজাত দদৰাৰ ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহ প্ৰাংগণৰ পৰা আৰম্ভ হৈ হাজো ৰাজহ চক্ৰৰ দদৰা , শিঙিমাৰী , দমদমা , হাজো , ৰামদিয়া , বামুন্দী , শুৱালকুছি হৈ  প্রায় ৬০ কিল’মিটাৰ অঞ্চল পৰিভ্রমণ কৰি বংশৰ মিনি ষ্টেডিয়ামত অন্ত পৰে ৷ ছাত্র সন্থাৰ কর্মীসকলে ‘আছু’ৰ পতাকা লৈ কা" আমি নামানো, কা" বাতিল কৰক , জাতিৰ প্ৰতাৰক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,অসম কেৱল অসমীয়াৰ,বিজেপি মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল  কৰি তোলে ৷ প্ৰায় তিনি শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ লগতে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পংকজ কলিতাই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কয় যে কোনো কাৰণতে আমি কা মানি ল’ব নোৱাৰোঁ।বিদেশী নাগৰিকক নাগৰিকত্ব দিয়া এই আইন বাতিল হ'বই লাগিব।অসমৰ জনসাধাৰণৰ স্বাৰ্থ বিঘ্নিত কৰি কেন্দ্রীয় চৰকাৰে আমাৰ ওপৰত 'কা' জাপি দি জাতিটোক সংখ্যালঘুত পৰিণত কৰিবলৈ কৰা সকললো কৌশল ছাত্র সমাজে প্রতিহত কৰিব। ধর্মৰ নামত বিদেশীক ভাগ-ভাগ কৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ'ব। অসমত অসম চুক্তি অনুসৰিহে বিদেশী নাগৰিকৰ জ্বলন্ত সমস্যাটো সমাধান হ'ব লাগিব বুলি কোৱাৰ লগতে এই ক্ষেত্ৰত ছাত্ৰ সন্থাই  ভবিষ্যতে ব্যাপক আন্দোলনৰ কাৰ্য্যসূচী গ্রহণ কৰিব বুলিও উল্লেখ কৰে।এই কাৰ্য্যসূচীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি দ্বীপজ্যেতি লহকৰ,সহ:সম্পাদক দিপাংকৰ শৰ্মা,সুৰজিৎ কলিতা আদি কৰি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত  হাজো আঞ্চলিক ছাত্ৰ সন্থা,পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থা,দমদমা আঞ্চলিক ছাত্ৰ সন্থা,শুৱালকুছি আঞ্চলিকৰ  পৰা অহা প্ৰায় তিনি শতাধিক আছু কৰ্মী তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

Your Comments