কৰ’নাৰ দ্বিতীয় ঢৌৰ কথা স্বীকাৰ কেন্দ্ৰৰ, ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা

Corona second wave

মঙ্গলবাৰে কেন্দ্রৰ পর্যবেক্ষকৰ দলে স্বীকাৰ কৰিছে,  মহাৰাষ্ট্রত কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে। লগতে পৰৱৰ্তী দিনত কোন দিশে আগবাঢ়িব কৰ’না সেই লৈও আশঙ্কা প্রকাশ কৰিছে। 

Corona second wave

দ্বিতীয় ঢৌত আক্রান্ত ৰোগীসকলক নিলগাই ৰাখিবলৈ চিন্তা কৰিব লাগিব। কাৰণ, কিছু ক্ষেত্রত দেখা গৈছে টিকা লোৱাৰ পিছতো কৰ’নাত আক্রান্ত হৈছে বহুলোক। যিদৰে মহাৰাষ্ট্রৰ মন্ত্রী ঈশ্বৰ সিংহ পেটেল টিকা লোৱাৰ পিছতো ক’ভিডত আক্রান্ত হয়। 

ইতিমধ্যে মহাৰাষ্ট্রৰ একাধিক অঞ্চলত জাৰি কৰা হৈছে পূর্ণ লক্‌ডাউন। কঠোৰভাৱে মনা হৈছে সুৰক্ষাবিধি। এইবাৰ শুদ্ধ হওক। মানি চলক কৰ’না সংক্রান্তীয় সকলো নিয়ম নিৰ্দেশনা। পৰামর্শ উদ্ধৱ ঠাকৰে প্রশাসনৰ। নিয়ম নামানিলে বৃহৎ অঙ্কৰ ক্ষতিপূৰণৰ নির্দেশো দিয়া হৈছে। 

Corona second wave

ইয়াৰোপৰি ৯খন ৰাজ্যত ঊর্ধ্বমুখী সংক্রমণৰ হাৰ। দেশৰ ক’ভিড পৰিস্থিতিকলৈ বুধবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্রীৰ সৈতে বৈঠকত বহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী।

যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ২৪ হাজাৰ পাৰ হ’ল। ইয়াৰ মাজত মহাৰাষ্ট্রত  সংক্রমিত হৈছে ১৫,০৫১ জন লোক। মৃত্যু হৈছে ৪৮ জনৰ। দেশ জুৰি মৃত্যুৰ সংখ্যা  ১৩১ জন। টিকাকৰণ কৰা হৈছে, ৩০,৩৯৩৯৪ জনৰ। কৰ’না পৰীক্ষা কৰা হৈছে ৮ লাখ ৭৩ হাজাৰ ৩৫০ জনৰ ।

Corona second wave

৩১ মার্চ পর্যন্ত মহাৰাষ্ট্রত কঠোৰ সুৰক্ষাবিধি মানি চলিব লাগিব। অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হ’ব পাৰে কাৰ্যালয়, বজাৰ, চিনেমাহল, শ্বপিং মল সমূহ ৷ জনসমাৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে। 

Your Comments