মাদাৰ বৃদ্ধাবাস আবাসী তথা গোলাঘাটৰ এসময়ৰ বাসিন্দা মাই সন্দিকৈয়ে কৰিব হিন্দী বোলছবিৰ তাৰকা আয়ুষ্মান খুৰানাৰ ছবিত অভিনয়

Mai handique

নতুন প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ সপোন বলিউদ ৷ বলিউদৰ জগতলৈ যাবলৈ বহু সংখ্যকেই সংগ্ৰাম কৰিও বিফল হয় আৰু হতাশাত ভোগে ৷ বহুতৰ আকৌ সপোনৰো অগোচৰ বলিউদ ৷

Mai handique

তেনে সময়তে আশাৰ বতৰা কঢ়িয়াই আনিলে এগৰাকী বৃদ্ধাই ৷ অসমৰ গুৱাহাটীস্থিত মাদাৰ অল্ড এজ্‌ হ’ম নামৰ বৃদ্ধাবাসৰ আবাসী ১০২ বছৰীয়া আইতা মাই সন্দিকৈয়ে সুযোগ পালে বলিউদৰ প্ৰতিষ্ঠিত তাৰকা আয়ুষ্মান খুৰানাৰ ছবিত অভিনয় কৰিবলৈ ৷

Mai handique

এসময়ত গোলাঘাট জিলাৰ স্থায়ী বাসিন্দা মাই সন্দিকৈ বৰ্তমান মাদাৰ অল্ড এজ্‌ হ’মৰ আবাসী ৷ তেওঁ ছবিখনৰ দৃশ্য গ্ৰহণৰ বাবে ইতিমধ্যে শ্বিলঙলৈ ৰাওনা হ’ল ৷

Mai handique

Your Comments