লামডিঙৰ ইটাভাতা চাৰিআলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷
জানিব পৰামতে, এএছ-০৬ এ চি-১৯০৭ নম্বৰৰ তেলভৰ্তি টেংকাৰখনে মহতিয়াই নিয়ে দুই স্কুলীয়া ছাত্ৰক ৷
অতি সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ দুৰ্ঘটনাত পতিত চাহা আলম আৰু ৰবি আলম দুয়ো প্ৰথম শ্ৰেণীৰ ছাত্ৰ ৷
লামডিং জৰংদিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ চাহা আলাম আৰু ৰবি আলম ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে উত্তপ্ত কৰি তোলে পৰিৱেশ আৰু পথ অৱৰোধ কৰি সকলো তেলৰ টেংকাৰ যোৱাৰ পথ বন্ধ কৰি দিয়ে ৷
দুয়োগৰাকী ছাত্ৰক প্ৰথমে অতি সংকটজনক অৱস্থাত লামডিং সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই যদি উন্নত চিকিৎসাৰ বাবে লগে লগে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷
টেংকাৰখনৰ চালকক স্থানীয় ৰাইজে ধৰি লপাথপা দি আৰক্ষীক গতাই দিয়ে যদিও ৰহস্যজনকভাৱে আৰক্ষীয়ে তেলৰ টেংকাৰখনক ওভতাই লামডিং আই অ' চিৰ ভিতৰলৈ পঠিয়াই দিয়ে ৷
- Log in to post comments
- 25 views