অৰুণাচলৰ গাৰ কাষেৰে চীনৰ বুলেট ৰেল ট্ৰেক, অস্বস্তি বৃদ্ধি ভাৰতৰ

Chinese bullet train near arunachal border

চীনক লৈ ভাৰতৰ অশান্তি নকমা হ’ল । লাদাখ উত্তেজনা কমিলে চীন-ভাৰত সীমান্তক কেন্দ্ৰ কৰি নতুন সঙ্কটে দেখা দিয়ে। জানিব পৰা মতে এইবাৰ বেজিঙৰপৰা তিব্বতৰ লাছা পর্যন্ত বুলেট ট্রেইন সেৱাৰ প্রস্তুতি আৰম্ভ কৰিছে চীনে। সেই ট্রেইন চলিব ভাৰতবৰ্ষৰ অৰুণাচল প্রদেশৰ গাৰ কাষেৰে।

Indo china border

সংশ্লিষ্ট মহলে জনাইছে, এই দৰেই সীমান্তত পথ, সেতু, ৰেলপথ ইত্যাদি নির্মাণ কৰি চীনে সম্ভৱতঃ ভাৰতৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ বিচাৰিছে।

জানিবলৈ পোৱা গৈছে, চীনৰ নিংচিৰপৰা তিব্বতৰ লাছা পর্যন্ত বুলেট ট্রেইন ৰুটৰ পৰিকল্পনা বেজিঙৰ। এই ৰেলপথ ৪৩৫ কিমি দৈৰ্ঘ্যৰ। নিংচি অৰুণাচলৰপৰা মাত্র ৫০ কিমি দূৰত অৱস্থিত ৷ অৰুণাচল সীমান্তত ভাৰতৰ গাৰ কাষেৰে চীনৰ বুলেট ট্রেইন চলাৰ এই সংবাদত স্বাভাৱিকতেই অস্বস্তিত পৰিছে ভাৰত।

Chinese bullet train near arunachal border

খবৰ অনুসৰি, জুন মাহৰপৰাই এই ৰুটত ট্রেইন পৰিসেৱা আৰম্ভ হ’ব পাৰে। ফলত প্রকৃত নিয়ন্ত্রণৰেখাৰ সমান ভাৰতৰ নিৰাপত্তা ব্যৱস্থাও নতুনকৈ পৰিকল্পনা কৰিব লগা হ’ব পাৰে বুলি অনুমান কৰিছে সংশ্লিষ্ট মহলে।

Your Comments