ভাৰতৰ বাটেৰে বাট বুলি এইবাৰ ছৌদি আৰবে চীনৰ ওপৰত চলাইছে ডিজিটেল ষ্ট্ৰাইক ৷ নকল সামগ্ৰী, নিম্নমানৰ সামগ্ৰী আৰু ভুৱা অফাৰেৰে ছৌদিৰ জনতাক প্ৰবঞ্চনা কৰি অহা ১৮৪ টা বাণিজ্যিক ৱেবচাইট ছৌদি চৰকাৰে বন্ধ কৰি দিয়ে ৷
এই চীনা ৱেবচাইটবোৰে কম দামত ভাল সামগ্ৰী দিয়াৰ লোভ দেখুৱাই লগতে আকৰ্ষণীয় অফাৰেৰে ছৌদিৰ জনতাক আকৃষ্ট কৰি আহিছিল ৷ এই কাৰ্যটোত ভোল গৈ ছৌদিৰ জনতাই সামগ্ৰী ক্ৰয় কৰি বেয়াকৈ ঠগ খাইছে ৷ ধনৰ বিনিময়ত তেওঁলোকে লাভ কৰা সামগ্ৰীবোৰৰ কিছুমান আছিল অতি নিম্নমানৰ আৰু কিছুমান আছিল নকল ৷ তদুপৰি গ্ৰাহক অসন্তুষ্ট হ’লে সামগ্ৰীসমূহ ঘুৰাই দিয়াৰ ব্যৱস্থাও ৰখা নাছিল এই ৱেবচাইটসমূহে ৷
সেয়েহে শেহতীয়াকৈ দেশখনৰ নাগৰিকৰ অভিযোগৰ ভিত্তিত ছৌদি চৰকাৰে এই ৱেবচাইটসমূহ নিষিদ্ধ কৰে
- Log in to post comments
- 12 views