পাক্‌ অধিকৃত কাশ্মীৰত সক্ৰিয় একাধিক উগ্ৰপন্থী প্ৰশিক্ষণ শিবিৰ, ৰাজ্যসভাত জনালে কেন্দ্ৰই

terrorist camp

পাক্‌-অধিকৃত কাশ্মীৰত সক্রিয় হৈছে একাধিক উগ্ৰপন্থী প্রশিক্ষণ শিবিৰ, বুধবাৰে ৰাজ্যসভাত এই কথা জনালে কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী জি কিষান ৰেড্ডীয়ে । ৰাজ্যসভাত এক প্রশ্নৰ লিখিত উত্তৰত তেওঁ উল্লেখ কৰে, পাক্‌ অধিকৃত কাশ্মীৰত একাধিক স্থানত উগ্ৰপন্থীৰ ভাৰতত বেআইনী অনুপ্রৱেশ আৰু বিভিন্ন ধৰণৰ কূটাঘাতমূলক কাৰ্যৰো প্রশিক্ষণ দিয়া হৈছে ।

Terrorist camp

ৰেড্ডীয়ে জনাইছে, সীমান্তত সকলো ধৰণৰ সন্ত্রাসবাদী কার্যকলাপ সম্পূৰ্ণ বন্ধৰ বাবে পাকিস্তানক বাৰেবাৰে সতর্ক কৰা হৈছে। কিন্তু ইয়াৰপিছতো কোনো কাঢ়া পদক্ষেপ লোৱা নাই পাকিস্তানে । এই সন্দৰ্ভত একাধিকবাৰ ৰাষ্ট্ৰসংঘৰ দ্বাৰস্থ হৈছে ভাৰত । তাৰপিছতো পাকিস্তানৰ প্রত্যক্ষ সহায়ত সন্ত্রাসবাদী কার্যকলাপ ঘটিয়েই আছে। পাক্‌ অধিকৃত কাশ্মীৰত একাধিক উগ্ৰপন্থী ঘাঁটি চিহ্নিত কৰা হৈছে। 

Terrorist camp

কিছুদিন পূৰ্বে কাশ্মীৰত শান্তি ঘুৰাই আনিবলৈ 'অস্ত্র বিৰতি' চুক্তিত সম্মত হৈছে ভাৰত আৰু পাকিস্তান। জম্মু কাশ্মীৰত সন্ত্রাসবাদ দমনত একাধিক সাফল্য পালেও এতিয়াও সক্রিয় হৈ আছে বহু কেইটা উগ্ৰপন্থী প্রশিক্ষণ শিবিৰ, যাক লৈ যথেষ্ট উদ্বেগৰ সৃষ্টি হৈছে ভাৰতত ।

Terrorist camp

Your Comments