মাটিৰ ৮৫ ফুট তলত ৫০০০ বছৰীয়া পুৰণা খোলা!

Archeology

সাত বছৰ মান আগতে উত্তৰ ইটালীৰ এটা গুহাত এটা খোলাৰ সন্ধান পাইছিল এদল অনুসন্ধানকাৰীয়ে।  মাটিৰপৰা ৮৫ ফুট তললৈ নামি গৈছে সঙ্কীর্ণ এটা অকোৱাপকোৱা পথ। দুর্গম সেই পথতে সন্ধান পোৱা গ’ল ৰহস্যজনক এই মানৱ খোলাৰ ৷

এনে এক দুর্গম স্থানত কেনেদৰে এই খোলাটো আহিল সেই কথা জানিবলৈ ২০১৭ চনৰপৰা খোলাটো লৈ গৱেষণা আৰম্ভ কৰা হ’ল। এজন প্রত্নতত্ত্ববিদৰ নেতৃত্বত ১২ জনীয়া এটা দল গুহাটোত প্ৰৱেশ কৰিলে। প্ৰথমাৱস্থাত তেওঁলোকে খোলাটো লগত অনা নাছিল। পিছত পুনৰ গুহালৈ গৈ খোলাটো গৱেষণাগাৰলৈ লৈ আহে । ইয়াৰপিছত গৱেষকৰ দলটোৱে পূৰ্ণোদ্যমে গৱেষণা আৰম্ভ কৰে।

গৱেষণাত প্রথমে আৱিষ্কাৰ হয় যে, খোলাটো এগৰাকী মহিলাৰ। বয়স অন্ততঃ ৫ হাজাৰ বছৰ হ’ব। কিন্তু এগৰাকী মহিলা অকলে কি দৰে ভয়ানক দুর্গম এই গুহালৈ গৈছিল সেই কথা জানিবলৈ যথেষ্ট কৌতূহলী হৈ পৰে বিজ্ঞানীসকল। 

গৱেষণাত ক্রমশঃ জানিবলৈ পোৱা যায় যে মৃত্যুৰ পূৰ্বে দীর্ঘ দিন পুষ্টিহীনতাত ভুগিছিল এই মহিলা। ইয়াৰোপৰি এই গুহাটোৰ কিছু দূৰত মানুহৰ হাড়মূৰৰ সন্ধান পায় বিজ্ঞানীসকলে । জানিবলৈ পোৱা যায় যে সেইটো আছিল অতীতৰ কবৰস্থান। বহু ৱছৰ আগতে এই স্থানৰ কাষেৰেই জলস্রোত বৈ গৈছিল। সেই জলধাৰা গুহাৰ ভিতৰলৈও গৈছিল। এই জলধাৰাৰ পানীৰ স্ৰোততে হয়তো কিবা ধৰণেৰে কোনো কঙ্কালৰ পৰা খোলাটো বিচ্ছিন্ন হৈ পানীৰ সোঁতত ভাহিঁ গুহা পাইছিলহি ৷

Your Comments