"কোনো অনুষ্ঠানে কোনো সাহিত্যিক সৃষ্টি কৰিব নোৱাৰে ৷ সাহিত্য সৃষ্টিৰ বাবে প্ৰেৰণাহে যোগাব পাৰে ৷" এই মন্তব্য বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, লেখক, সাংবাদিক কৰুণাকান্ত ৰায়ৰ ৷
আজি বঙাইগাঁও জিলা সাহিত্য সভাই সিদলসতী শাখা সাহিত্য সভাৰ সহযোগ়ত সিদলসতী শ্ৰীশ্ৰী জগদ্ধাত্ৰী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত "লেখক দিৱস"ৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্হিত থাকি লেখকসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোকপাত কৰে ৷
বঙাইগাঁও জিলা সভাই জিলাখনৰ মাণিকপুৰ চকিহালীৰ প্ৰয়াত সাংবাদিক, লেখক প্ৰকাশ দাসৰ স্মৃতিত আয়োজন কৰা "লেখক দিৱস"ৰ আৰম্ভণিতে প্ৰকাশ দাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে জিলা সাহিত্য সভাৰ উপ-সভাপতি ৰামবিৰিক ৰায়ে ৷
জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, বিশিষ্ট সাহিত্যিক অমৃতভূষণ ফৌজদাৰে ৷
সভাত বিশিষ্ট অতিথি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়ে নতুন লেখক-লেখিকা সৃষ্টিৰ বাবে এটা পৰিৱেশ গঢ়ি তুলিবলৈ আৰু নবীনৰ গ্ৰন্থ প্ৰকাশত গুৰুত্ব দিবলৈ আহ্বান জনায় ৷
সভাত জিলা সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰয়াত প্ৰকাশ দাসৰ পিতৃ অশ্বিনী দাস, প্ৰাক্তন সম্পাদক বিক্ৰম মেধি, নিখিল ৰাভা সাহিত্য সভাৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদক লিপচৰণ ৰাভা, সিদলসতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ বৰ্মন আদি বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷
সিদলসতী শাখা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ ৰায়ে আদৰণী ভাষণত সিদলসতী অঞ্চলৰ সাহিত্য চৰ্চাৰ চমু পৰিচয় দাঙি ধৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট লেখক অমৃতভুষণ ফৌজদাৰ আৰু নবীন লেখক চিলাৰায় ৰায় আৰু অমৰজ্যোতি বৰ্মনক সম্বৰ্ধনা জনোৱা হয় ৷
অনুষ্ঠানৰ আঁতধৰে জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ পাঠক আৰু সিদলসতী শাখা সভাৰ সম্পাদক অমৰেন্দ্ৰ বৰ্মনে ৷
- Log in to post comments
- 17 views