উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে উৎসৰ্গিত আমিনগাঁওস্থিত 'যুৱ বিকাশ কেন্দ্ৰ'ৰ সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ২৭ ফেব্ৰুৱাৰীত উদযাপন কৰা হয়।কাৰ্যসূচী অনুসৰি প্ৰথমতে বন্তি প্ৰজ্জ্বলন কৰা হয়।ইয়াৰ পিছতে সমবেত সংগীত পৰিৱেশন কৰে কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে।যুৱ বিকাশ কেন্দ্ৰৰ শিক্ষাৰ্থীৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।
পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱস উদযাপনৰ সভাত যুৱ বিকাশ কেন্দ্ৰৰ সচিব দীপাংকৰ বৰাই আদৰণী ভাষণ প্ৰদান কৰে।ভাষণ প্ৰসংগত বৰাই যুৱ-প্ৰজন্মৰ মাজত কাৰিকৰীকে ধৰি বিভিন্ন দিশত দক্ষতা বিকাশ কৰাৰ বাবে বিভিন্ন পাঠ্যক্ৰম ৰূপায়ণৰে নিষ্ঠাৰে কৰ্মৰত হৈ আছে বুলি উল্লেখ কৰে।উক্ত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইণ্ডিয়ান ইনষ্টিটিউট অব এনট্ৰিপ্ৰিউনাৰশ্বিপৰ সঞ্চালক ডঃ অভিজিৎ শৰ্মাই।বক্তব্য প্ৰসংগত ডঃশৰ্মাই যুৱ-প্ৰজন্মৰ মাজত দক্ষতা আৰু উদ্যমিতা বিকাশৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।স্বামী বিবেকানন্দৰ বাণী সৰোগত কৰি জীৱনত আগবাঢ়ি যাবলৈ তেওঁ যুৱ-প্ৰজন্মক আহ্বান জনায়।যুৱ বিকাশ কেন্দ্ৰই শিক্ষাৰ্থীসকলৰ মাজত বিবিধ কৰ্মসংস্থাপন লাভৰ বাবে প্ৰয়োজনীয় আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে প্ৰশংসনীয়ভাৱে কাম কৰি গৈছে বুলি তেওঁ মন্তব্য কৰে।সাংবাদিক ৰাজকমল চাংকাকতিয়ে আঁত ধৰা সভাখনত সংস্কাৰ ভাৰতীৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী অশোক তিৱাৰী,আইআইটি,গুৱাহাটীৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক কে ভি দৰুণকুমাৰ সিং উপস্থিত থাকে।সভাত কেন্দ্ৰৰ কৰ্মচাৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
কেন্দ্ৰৰ বিদ্যাৰ্থীসকলক উদ্দেশ্য কৰি প্ৰেৰণাদায়ক বক্তৃতা প্ৰদান কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় যুৱ বিকাশ কেন্দ্ৰৰ প্ৰকল্প কাৰ্যবাহী ৰবীন্দ্ৰ হনমত্তেকাৰে।
প্ৰতিষ্ঠা দিৱস উদযাপনৰ সভাত যুৱ বিকাশ কেন্দ্ৰৰ বিভিন্ন পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱা বিদ্যাৰ্থীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।সভাৰ পিছত কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে বিভিন্ন গীত-মাত,নৃত্য পৰিৱেশন কৰে।
- Log in to post comments
- 17 views