অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে আনন্দৰাম ঢেকীয়াল ফুকনে যুঁজ দিছিল : ৰংবং তেৰাং

অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে আনন্দৰাম ঢেকীয়াল ফুকনে যুজঁ দিছিল : ৰংবং তেৰাং

'আনন্দৰাম ঢেকীয়াল ফুকন এগৰাকী স্বপ্নদ্ৰষ্টা আছিল । আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা এইগৰাকী মহান মনীষীৰ কথা অসমৰ সাহিত্যৰ
 বুৰঞ্জীত জিলিকি থাকিব ।' এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ ।

আজি নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত আনন্দৰাম ঢেকীয়াল ফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষণত তেৰাঙে কয়- 'অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে আনন্দৰাম ঢেকীয়াল ফুকনে যুঁজ দিছিল ।

ব্ৰিটিছ আমোলৰ সময়ত মাত্ৰ ন বছৰ চাকৰি কৰিয়েই অসমীয়া ভাষা জীয়াই ৰখাৰ বাবে সংগ্ৰাম কৰিছিল, যাৰবাবে আজি অসমীয়া ভাষাই বিশ্ব দৰবাৰত স্থান লাভ কৰাৰ লগতে এক সুকীয়া মৰ্যাদা লাভ কৰিছে ।'

অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে আনন্দৰাম ঢেকীয়াল ফুকনে যুজঁ দিছিল : ৰংবং তেৰাং

আনন্দৰাম ঢেকীয়াল ফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই অভিভূত হোৱা বুলি উল্লেখ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়, 'অসমৰ সাহিত্যৰ বুৰঞ্জীত যিগৰাকী মনীষীৰ ছবিখন দেখিছিলোঁ, সেইগৰাকী মনীষীক শ্ৰদ্ধা কৰিবলৈ পোৱাটো মোৰ বাবে বিৰল মুহূৰ্ত ।

উল্লেখ্য যে আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান ৷ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ চৌহদত স্থাপন কৰা ঢেকীয়াল ফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষণত প্ৰসংগক্ৰমে তেৰাঙে কয়-

'মই নগাঁৱক ভালপাওঁ‌ । নগাঁও মোৰ মৰমৰ । নগাঁও জিলাই মোক মানুহ কৰিলে । এই নগাঁৱতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি অসংখ্যজন মনীষীৰ জন্ম হৈছিল । সেয়ে নগাঁও সদায় মহিমা মণ্ডিত হৈ থাকিব ।'

অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে আনন্দৰাম ঢেকীয়াল ফুকনে যুজঁ দিছিল : ৰংবং তেৰাং

উল্লেখ্য যে প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেন সিংহই এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল । ইয়াৰ আগতে পুৱা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজাৰ নেতৃত্বত নগাঁৱৰ ৬০গৰাকী বিশিষ্ট ব্যক্তিয়ে হীৰক জয়ন্তী সমাৰোহৰ পতাকা উত্তোলন কৰে ।

দিনৰ ১০ বজাত গ্ৰন্থ আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে সাহিত্যিক ৰংবং তেৰাঙে । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাস্কৰ্য শিল্পী বীৰেন সিংহ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰী, শিক্ষাবিদ মহেন্দ্ৰ আহোম, গৱেষক ডঃ নৰেন কলিতা, অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ বৰকাকতী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

দিনৰ ১২ বজাৰ পৰা পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী তথা প্ৰাক্তন ছাত্ৰ ৰাজেন গোহাঁয়ে মহাবিদ্যালয়খনৰ স্মৃতি ৰোমন্থন কৰি কয়- 'বৰ্তমান সময় প্ৰতিযোগিতাৰ সময় ।

এই প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ হ'লে ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । সভাত ভাষণ প্ৰদান কৰি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয়, 'নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।'

নগাঁৱত শিক্ষা প্ৰসাৰৰ কাম মাধৱ কন্দলীৰ দিনৰে পৰাই হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়- 'সাম্প্ৰতিক সময়ত প্ৰযুক্তিয়ে উচ্চ শিখৰত আৰোহণ কৰিছে । প্ৰযুক্তিৰ জৰিয়তে শিক্ষা গ্ৰহণৰ সুবিধা হৈছে । প্ৰযুক্তিয়ে আমাক অধিক আগুৱাই নিব ।'

ভাষণ প্ৰসংগত তেওঁ মহাবিদ্যালয়খনত অচিৰেই এটা ডিজিটেল শ্ৰেণী কোঠা স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে । সভাত ভাষণ দি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়- 'শিক্ষাৰ ক্ষেত্ৰত নগাঁও জিলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । নগাঁৱত শিক্ষাৰ এক পৰিৱেশ গঢ লৈ উঠিছে ।'

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতীয়ে আদৰণী ভাষণ প্ৰ্দান কৰা সভাখনত বিগত বৰ্ষসমূহত মহাবিদ্যালয়খনৰ পৰা স্নাতক শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পোৱাসকলক সম্বৰ্ধনা জনোৱা হয় ।

সভাত উপাধ্যক্ষ মিনা চৌধুৰী আৰু শৈক্ষিক পৰিষদৰ বিষয়া জয় কুমাৰ সিঙেও অংশগ্ৰহণ কৰে । উক্ত সভাতেই স্মৰণিকা 'হীৰক জেউতি' আৰু 'অসমৰ ভিন্ন প্ৰসংগ নাম' গ্ৰন্থ দুখন উন্মোচন কৰা হয় ।

সভাৰ আঁ‌তধৰে অধ্যাপক অৰিন্দম বৰকটকীয়ে । সন্ধ্যা বন্তি প্ৰজ্জ্বালন আৰু আলোকসজ্জা মুকলি কৰে শিক্ষাবিদ বানেশ্বৰ শইকীয়া আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে প্ৰাক্তন সাংসদ, সু-লেখিকা, পদ্মশ্ৰী ড: জয়শ্ৰী গোস্বামী মহন্তই ।

কাইলৈ সাংস্কৃতিক শোভাযাত্ৰা, গুৰু-শিষ্য মিলন সমাৰোহ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।


 

Your Comments