*উত্তৰ গুৱাহাটীত আউনীআটী সত্ৰত ঐতিহ্য কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ*
জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ জীৱনৰ প্ৰতিটো মুহূৰ্তত মানি চলিলে আমি জীৱনত ভবা মতে সফলতা অৰ্জন কৰিবলৈ,মৰ্যাদা বুটলিবলৈ পাৰিম।লগতে অন্য ব্যক্তিক সন্মান প্ৰদান কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ পাৰিম।এই বক্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।২৬ ফেব্ৰুৱাৰীত উত্তৰ গুৱাহাটীস্থিত শ্ৰীশ্ৰী আউনীআটী সত্ৰত মুখ্যমন্ত্ৰী সোণোৱালে ঐতিহ্য কলাক্ষেত্ৰ উদ্বোধন কৰাৰ পিছত মুকলি সভাত ভাষণ প্ৰসংগত এইদৰে মন্তব্য প্ৰকাশ কৰে।ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱালে শ্ৰীমন্ত শঙ্কৰদেৱৰ আদর্শ দেশ-বিদেশৰ মানৱ সমাজৰ মাজত বিয়পাই দিয়াত গুৰুত্ব আৰোপ কৰে।গুৰুজনাৰ আদৰ্শ বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰচাৰৰ ক্ষেত্ৰত আউনীআটীয় সত্ৰাধিকাৰ ডঃ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ ভূমিকাৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে।
আনহাতে, মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰি আউনীআটীয় সত্ৰাধিকাৰ ডঃ গোস্বামীয়ে ঐতিহ্য কলাক্ষেত্ৰখনত সত্ৰীয়া আৰু থলুৱা কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব বুলি উল্লেখ কৰে।মুখ্যমন্ত্ৰী সোণোৱালক তেওঁ আধ্যাত্মিকতাৰ প্ৰেমৰ পূজাৰী আখ্যা দিয়ে।মুখ্যমন্ত্ৰী সোণোৱালে প্ৰদান কৰা ৫০ লাখ টকাৰে ঐতিহ্য কলাক্ষেত্ৰখনৰ নিৰ্মাণ সম্ভৱ হ'ল বুলি তেওঁ মন্তব্য কৰে।
অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত সিংহই আঁত ধৰা সভাখনত প্ৰাক্তন সাংসদ ৰমেন ডেকা,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী,অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন,দক্ষিণপাট ছটাই আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামী আদি উপস্থিত থাকে।ঐতিহ্য কলাক্ষেত্ৰ উদ্বোধনৰ পূৰ্বে প্ৰাক্তন সাংসদ ৰমেন ডেকাই সত্ৰ প্ৰাংগণত এটা গ্ৰন্থাগাৰ মুকলি কৰে।সভাত পিংকুমণি চৌধুৰীৰ নেতৃত্বত উত্তৰ গুৱাহাটীৰ মহিলা সমাজে বৰগীত পৰিৱেশন কৰে।
উল্লেখযোগ্য যে আজি ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বে অনুষ্ঠিত হোৱা সভাখনত মুখ্যমন্ত্ৰী সোণোৱালে উপস্থিত ৰাইজৰ সন্মুখত আঁঠু লৈ সেৱা কৰাটো লক্ষণীয় হৈ পৰে।তেওঁ যেন বিধানসভা নিৰ্বাচনত বিজেপিৰ সফলতা কামনা কৰি ৰাইজৰ পৰা আশীৰ্বাদ লয়।
- Log in to post comments
- 7 views