#মৃণাল ডেকা,শুৱালকুছি:
কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ বস্ত্ৰনগৰী শুৱালকুছিত উচ্চ আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হ’ল ৷ ২২ ফেব্ৰুৱাৰীত ধেমাজি জিলাৰ পিয়াং চাপৰিত অনুষ্ঠিত জনসভাৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেল মাধ্যমৰ জৰিয়তে বস্ত্ৰনগৰী শুৱালকুছিত স্থাপন হ'বলগীয়া ৰাজ্য খনৰ অষ্টম খন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।
শুৱালকুছি মুগা গোপাচাৰৰ ১১৬ বিঘা চৰকাৰী ভূমিত প্ৰায় ৫৫ কৌটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়খনত তিনিটা বি.টেক পাঠ্যক্ৰমৰ লগতে প্ৰতিটো বিভাগত ৬০ গৰাকী শিক্ষাৰ্থীয়ে নাম ভৰ্ত্তি কৰিব পৰাকৈ চিভিল , ইলেকট্ৰিকেল আৰু কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আদিৰ কাৰিকৰী আৰু দক্ষতা সম্পন্ন মানৱ শক্তিৰ জৰিয়তে দীৰ্ঘস্থায়ী বিকাশৰ ব্যৱস্থা থাকিব।ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খেলপথাৰ,হোষ্টেলকে আদি কৰি প্ৰয়োজনীয় বিভিন্ন অত্যাধুনিক সা - সুবিধা থাকিব।শুৱালকুছি উন্নয়ন।খণ্ডৰ চৌহদত অনুষ্ঠিত ভাৰ্চুৱেল আধাৰশিলা স্থাপনৰ অনুষ্ঠানত উপস্থিত থাকি কামৰূপ জিলায় উপায়ুক্ত কৈলাস কাৰ্তিক এনে কয় যে শুৱালকুছিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়খন ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠতম আৰু অত্যাধুনিক হ'ব।লগতে তেওঁ কয় য়ে শুৱালকুছিত স্থাপন হব লগা এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনে বৃহত্তৰ অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যখনৰ শিক্ষাৰ্থীসকলে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত উচ্চ মানৰ অভিযান্ত্ৰিক শিক্ষা লাভ কৰিব।
আনহাতে,ভাৰ্চুৱেল আধাৰশিলা স্থাপনৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰীতম শইকীয়া (শিক্ষা আয়ুক্ত সচিব),হাজো ৰাজহ চক্ৰ বিষয়া সুকন্যা বৰা,খণ্ড উন্নয়ন বিষয়া , শুৱালকুছি জিলা পৰিষদৰ সদস্যা,পঞ্চায়ত প্ৰতিধিনিৰ লগতে বিশিষ্ট ব্যক্তিসকল৷
- Log in to post comments
- 19 views