ক্ষুব্ধ মহিলাই বন্ধ কৰিলে কচুৱা পাৰঘাট

parghat_

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত ভয়াবহ ভূটভূটীৰ দূৰ্ঘটনাৰ পৰাও শিক্ষা লোৱা নাই আভ্যন্তৰীন জল পৰিবহন বিভাগে৷ বৰ্তমানো ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভাগটোৱে টুলুঙা নাৱেৰে চলাই আছে যাতায়তৰ ব্যৱস্থা ৷ যাৰ ফলশ্ৰুতিত আজি ৰহাৰ চাপৰমূখৰ কপিলী নদীৰ কচুৱা পাৰঘাটত সংঘটিত হ’ল এক উত্তেজনাময় পৰিবেশৰ৷শুক্ৰবাৰে পুৱা এগৰাকী ছাত্ৰীৰ চাইকেল নাৱৰ পৰা পানীত পৰি উটি যোৱাৰ পাছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ৷পূৰ্বেও এনে সৰু বৰ দূৰ্ঘটনা সংঘটিত হৈছে পাৰঘাটটোত৷  

ৰাইজে এইক্ষেত্ৰত বহুবাৰ লেছীক অনুৰোধ কৰাৰ পাছতো লেছীয়ে অত্যাধিক বাহন আৰু যাত্ৰী কঢ়িওৱাৰ ফলতে আজি ছাত্ৰীগৰাকীৰ চাইকেল পৰি যোৱাৰ লগতে ভয়াবহ দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৷ ফলত অঞ্চলৰ শ শ মহিলা ওলাই আহি পাৰঘাটটো বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷উল্লেখ্য,পাৰঘাটটোত আভ্যন্তৰীন জলপৰিবহন বিভাগৰ অধীনত চলে যদিও ইয়াত নাই ফেৰী সেৱা৷ নাথাকে বিভাগীয় কৰ্মচাৰী৷কেইবাজনো আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰী পাৰঘাটটোত নিয়োজিত হৈ আছে যদিও কেতিয়াবাহে দুই-এজন কৰ্মচাৰীক দেখা পায় ৰাইজে ৷ ঘাটৰ লেছীয়ে টুলুঙা নাৱেৰে এনেদেৰে যাত্ৰী পাৰ কৰি থাকে যদিও বিভাগীয়ভাবে কোনো তদাৰক নকৰাৰ অভিযোগ আনিছে ৰাইজে ৷ পাছত ৰহা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয় ৷
 

Your Comments