আজি নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ৰাজ্য কপোৱা বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ দোষীক শাস্তি প্ৰদান কৰিছে । উক্ত বলাৎকাৰ কাণ্ডৰ মুল অপৰাধীক মৃত্যু দণ্ডৰে দণ্ডিত কৰিছে আদালতে। এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত পৃথকে পৃথকে ৰুজু হোৱা দুটা গোচৰত আজি শাস্তি প্ৰদান কৰে ন্যায়াধীশে।ইয়াৰে এটা গোচৰত যাবজীৱন কাৰাদণ্ড আৰু আনটো গোচৰত মৃত্যু দণ্ডৰ শাস্তি বিহে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে।
উল্লেখ্য যে চলিত বৰ্ষৰ ২৩ মাৰ্চত বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত লালুং গাঁৱত এগৰাকী ১৩ বছৰীয়া কিশোৰী তথা স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰি জাকিৰে শৰীৰত কেৰাচিন ঢালি জ্বলাই হত্যা কৰিছিল। এই ঘটনাৰ পাছত বটদ্ৰৱা থানত ৬৪/১৮ নম্বৰত গোচৰ ৰুজু হৈছিল । এই গোচৰৰ ভিত্তিত যোৱা ৪ আগষ্টত নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰিছিল জাকিৰক।
- Log in to post comments
- 14 views