এণ্টাৰ্কটিকাত তুষাৰখণ্ডৰ তলত শীতলতম পৰিৱেশত বাস কৰা বিশেষ জীৱ আৱিষ্কাৰ

Pic

এণ্টাৰ্কটিকা মহাদেশত সন্ধান পোৱা গ'ল অত্যধিক শীতল পৰিৱেশত বৰফৰ মাজত বাস কৰা এবিধ বিশেষ জীৱৰ।এণ্টাৰ্কটিকাৰ দক্ষিণ পূব ৱেড্ডেল সাগৰত ফিলেন্সৰ ৰণ আইছ ছেল্ফত অৰ্থাৎ এটা বিশাল তুষাৰখণ্ডৰ তলত অন্ধকাৰ পৰিৱেশত এই বিশেষ জীৱবিধক আৱিষ্কাৰ কৰিছে ব্ৰিটিছ বিজ্ঞানীৰ এটা দলে।

Pic

উক্ত তুষাৰ খণ্ডটোত ৯০০ মিটাৰ ড্ৰিলিং কৰাৰ পিছত বিজ্ঞানীসকলে তুষাৰখণ্ডত লাগি থকা স্পঞ্জসদৃশ উক্ত জীৱবিধৰ সন্ধান লাভ কৰে।অৱশ্যে বিজ্ঞানীসকলে কয় যে এই জীৱবিধ এতিয়ালৈকে আৱিষ্কাৰ নোহোৱা জীৱ হ'ব পাৰে।মাইনাছ ২.২ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত বাস কৰে জীৱবিধে।ড্ৰিলিং কৰাৰ পিছত বিশেষ কেমেৰাত ধৰা পৰে জীৱবিধ।

Your Comments