দুভৰিৰ শক্তিৰে অগণন ক্ৰীড়াপ্ৰেমীৰ হৃদয় জয় কৰি অৱশেষত কিছুসময় পূৰ্বে দিনৰ ১বজাত গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’লহি ‘স্বৰ্ণকন্যা‘ হিমা দাস । পোৱাৰে পৰা হিমাক আদৰিবৰ বাবে সুন্দৰ কৈ সজাই তোলা হৈছিল বিমান বন্দৰ । বিমান বন্দৰৰ মূল পথটো ৰঙা ৰঙৰ কাৰ্পেট পাৰি ট্ৰেকৰ আকাৰত সজাই ১, ২, ৩ লিখি দিয়া হৈছিল । দিনৰ ১বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱা হিমা দাসক অসম চৰকাৰৰ হৈ আদৰণি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও স্বৰ্ণকন্যাক আদৰাৰ বাবে বিমানবন্দৰত উপস্থিত আছিল দুই কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস । ইয়াৰ উপৰিও বিমান বন্দৰত উপস্থিত আছিল আছুকে ধৰি অসমৰ প্ৰায়বোৰ দল-সংগঠনৰ লগতে পুৱাৰে পৰা নিজ কন্যাক মাতৃভূমিত আদৰাৰ বাবে বিমানবন্দৰত আহি ৰৈ আছিল হিমা দাসৰ পিতৃৰ লগতে পৰিয়ালৰ কিছু সদস্য । হিমা আহি পোৱাৰ লগে লগেই বিমানবন্দৰ বাহিৰত বাজি উঠিছিল ডবা ,শংখ, ঢোল-তাল সকলো ।
উল্লেখ যোগ্য নগাঁও ধিঙৰ এটা মধ্যবিত্ৰ পৰিয়ালৰ পৰা গৈ যোৱা ১৮ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা ১৮ সংখ্যক এছিয়ান গেমছত হিমাই দেশৰ হৈ প্ৰতিনিধিত্ব কৰিছিল দৌৰত ৷ ১৯ বছৰীয়া হিমাই ক্ৰমে ৪০০ মিটাৰ, ৪×৪০০ মিটাৰ মিক্সড আৰু মহিলা দুয়োটা শাখাত অংশগ্ৰহণ কৰি এটা সোণৰ আৰু দুটা ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল । ১৯৬৬ চনত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ পাছত এছিয়ান গেমছত দৌৰত সোণৰ পদক পোৱা হিমাই হৈছে দ্বিতীয় গৰাকী ব্যক্তি । হিমা দাসক বিমানবন্দৰত নিৰাপত্তাৰ কাৰণে নিয়োগ কৰা হৈছিল ২০ গৰাকী কৈ বীৰাংগনা ।
বিমানবন্দৰৰ পৰা হিমা দাস পোনে পোনে উপস্থিত হয় গণশিল্পী ডঃ ভূপেন হাজৰিকাৰ সমাধিস্থলত আৰু তাত গণশিল্পী গৰাকীৰ সমাধিত শ্ৰদ্ধা জনায় । তাৰ পৰা পোনে পোনে অসম চৰকাৰে নিদিষ্ট কৰি থোৱা এখন ‘অডি’ বাহনত উঠি এছিয়ান গেমছলৈ যাবলৈ প্ৰাৰম্ভিক অনুশীলন কৰা সৰুসজাই ট্ৰেকত পদাৰ্পণ কৰে দৌৰবিদ গৰাকীয়ে । হিমাৰ লগতে একেলগে আহিছে দুই প্ৰশিক্ষকো । সন্ধিয়া ৫ বজাত অসম চৰকাৰে আয়োজন কৰা সম্বধনা অনুষ্ঠানত হিমাই অংশগ্ৰহণ কৰিব গুৱাহাটীৰ শংকৰদেৱ কলাক্ষত্ৰত ।
- Log in to post comments
- 32 views