সময় মতেই অনুষ্ঠিত হ’ব উঃপূঃ গ্ৰন্থমেলা 

book_fare_ghy

প্ৰতি বছৰৰ দৰে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত পূৰ্ব নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হব ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা । দিছপুৰত আয়োজিত এক বৈঠকত শিক্ষামন্ত্ৰী  তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই উদ্যোক্তাসকলক আশ্বাস প্ৰদান কৰে । অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক বিজ্ঞপ্তি যোগে এই কথা প্রকাশ কৰে ।

শিক্ষা মন্ত্ৰীগৰাকীয়ে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক অহা বছৰৰ পৰা দুয়োখন গ্ৰন্থমেলা একেলগে পাতিব পাৰি নেকি সেয়া আলোচনা কৰিবলৈ আহ্বান জনায় ৷ বৈঠকত মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীও উপস্থিত আছিল । উল্লেখ যোগ্য যে বৈঠকত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ হৈ নবীন বৰুৱাও উপস্থিত আছিল ৷ তদুপৰি বিশিষ্ট চিন্তাবিদ হাইদৰ হুছেইন , লেখক ডঃ দয়ানন্দ পাঠক , পদ্মশ্ৰী অজয় দত্ত ও উপস্থিত থাকে ।
 

Your Comments